ETV Bharat / state

ভুল চিকিৎসাৰ বাবেই মৃত্যু হ'ল আজাৰাৰ উৎপলৰ

author img

By

Published : Sep 1, 2020, 8:34 PM IST

চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ অকাল মৃত্যুক আঁকোৱালি ল’লে উৎপল দাস নামৰ এগৰাকী 16 বছৰীয়া কিশোৰে ৷ মহানগৰীৰ আজাৰাত সংঘটিত হৈছে উক্ত শোকাৱহ ঘটনা ৷

Teenager death due to wrong treatment in azara kamrup assam etv bharat news
কৰুণ মৃত্যুক সাৱটিলে কিশোৰে

আজাৰা,1 ছেপ্টেম্বৰ: উন্মোচিত হ’ল অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ ৷ চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ অকাল মৃত্যুক আঁকোৱালি ল’লে উৎপল দাস নামৰ এগৰাকী 16 বছৰীয়া কিশোৰে ৷ মহানগৰীৰ আজাৰাত সংঘটিত হৈছে উক্ত শোকাৱহ ঘটনা ৷ ঘটনাৰ বিৱৰণী অনুসৰি, আজাৰা ওজাপাৰা নিবাসী কিশোৰগৰাকীৰ বিগত দেওবাৰে জ্বৰ উঠাত পৰিয়ালৰ লোকে ভৰ্তি কৰাই আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৷ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, উক্ত স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত চিকিৎসক ডাঃ কাকলি দাসে কিশোৰটিক চিকিৎসা প্ৰদান নকৰি অশ্লীল শব্দ প্ৰয়োগ কৰি দুৰ্ব্যৱহাৰ কৰে ৷ পৰৱৰ্তী সময়ত চিকিৎসকগৰাকীয়ে কিশোৰটিক চিকিৎসাৰ নামত এটি টেবলেট দিয়ে দায়িত্ব সামৰে ৷ টেবলেট খোৱাৰ পিছতে কিশোৰগৰাকীৰ নাক আৰু মুখেৰে ৰক্তক্ষৰণ হ’বলৈ ধৰে ৷ এই ঘটনাৰ পিছতে চিকিৎসকগৰাকীয়ে কিশোৰটিক পাণবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ প্ৰেৰণ কৰে ৷ পৰিয়ালৰ লোকে চিকিৎসকৰ নিৰ্দেশমৰ্মে এমএমচি হাস্পতাললৈ কিশোৰটিক লৈ যায় যদিও আদবাটতে কৰুণ মৃত্যুক সাৱটি লয় উৎপলে ৷

কৰুণ মৃত্যুক সাৱটিলে কিশোৰে

বৰ্তমান কিশোৰটিৰ পৰিয়ালে চিকিৎসকগৰাকীৰ বিৰুদ্ধে আজাৰা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ৷ আজাৰা আৰক্ষীয়ে সমস্ত ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ৷ অতি দৰিদ্ৰ পৰিয়ালৰ কিশোৰটিৰ মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ পেলায় ৷ কিশোৰটিৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত অনা হয় বাসগৃহলৈ ৷

লগতে চাওকঃ এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত ভুগিছে কাছাৰৰ বাগবাহাৰবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.