ETV Bharat / state

৮৬ বছৰ গৰকা তৰণী ৰাস মহোৎসৱ এইবাৰ অনুষ্টুপীয়াকৈ আয়োজনৰ সিদ্ধান্ত - অনুষ্টুপীয়াকৈ আয়োজন

কাৰ্যক্ৰমণিকা অনুসৰি প্ৰথম দিনা পতাকা উত্তোলনেৰে শুভাৰম্ভ হোৱা অনুস্থানৰ অন্ত তৃতীয় দিনা নাগাৰা নামেৰে সামৰণি পৰিব বুলি উদ্যোগতাই উল্লেখ কৰিছে । এইবাৰৰ ৰাসত কৃষ্ণ লীলাৰ মৃণ্ময় মূৰ্তিসমূহৰ প্ৰদৰ্শনী বন্ধ কৰা হ’ব । কেৱল বৈদিক নীতিৰে অনুস্থিত হ’ব লগীয়া ৰাসত ওজাপালি আৰু নাগাৰা নামৰ ব‍্যৱস্থা কৰা হৈছে ।

tarani-raas-at-rangia
৮৬ বছৰ গৰকা তৰণী ৰাস মহোৎসৱ অনুষ্টুপীয়াকৈ আয়োজনৰ সিদ্ধান্ত
author img

By

Published : Nov 26, 2020, 4:09 PM IST

ৰঙিয়া,26 নৱেম্বৰঃৰণাৰ সংকট এতিয়াও আঁতৰা নাই। সম্প্ৰতি সকলোৱে মানি চলি আছে কভিড-19 প্ৰট'কল সমূহ। সেই উপলক্ষে আগন্তুক ৰাস মহোৎসৱৰ সময়তো ৮৬ বছৰ গৰকা ৰঙিয়াৰ তৰণী ৰাস মহোৎসৱ কমিটিয়ে এইবেলি ৰাস অনুষ্টুপীয়াকৈ আয়োজন কৰাৰ সিদ্ধান্ত লৈছে ।

tarani-raas-at-rangia
৮৬ বছৰ গৰকা তৰণী ৰাস মহোৎসৱ অনুষ্টুপীয়াকৈ আয়োজনৰ সিদ্ধান্ত

উল্লেখযোগ্য যে, পূৰ্বতে ন' দিনলৈ চলা মহোৎসৱৰ এইবাৰ তিনিদিনতেই সামৰণি মাৰিব আয়োজকে । কাৰ্যক্ৰমণিকা অনুসৰি প্ৰথম দিনা পতাকা উত্তোলনেৰে শুভাৰম্ভ হোৱা অনুস্থানৰ অন্ত তৃতীয় দিনা নাগাৰা নামেৰে সামৰণি পৰিব বুলি উদ্যোগতাই উল্লেখ কৰিছে । এইবাৰৰ ৰাসত কৃষ্ণ লীলাৰ মৃণ্ময় মূৰ্তিসমূহৰ প্ৰদৰ্শনী বন্ধ কৰা হ’ব । কেৱল বৈদিক নীতিৰে অনুস্থিত হ’ব লগীয়া ৰাসত ওজাপালি আৰু নাগাৰা নামৰ ব‍্যৱস্থা কৰা হৈছে । পূজাৰ সময়তো সকলো নীতি নিয়ম মানি যাতে ভক্তগণে পূজা দিব পাৰে তাৰ ব‍্যৱস্থাও গ্ৰহণ কৰিছে কমিটিয়ে । লগতে ৰাস উপলক্ষে আয়োজন কৰা মেলা আৰু মীনা বজাৰো বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে কমিটিয়ে।

উল্লেখযোগ্য যে, হীৰক জয়ন্তী গৰকা হৰি মন্দিৰৰ প্ৰাঙ্গনত অনুস্থিত হৈ অহা তৰণী ৰাস মহোৎসৱলৈ কাষৰীয়া দেশ ভুটানৰ লগতে অসমৰ বিভিন্ন অঞ্চলৰ পৰা কেইবা সহস্ৰাধিক পৰ্যটক আহে উপভোগ কৰিবলৈ । পিছে ক’ভিডৰ আতংকই চৌদিশে চানি ধৰা বাবে এইবাৰ পূৰ্বৰ দৃশ্য দেখিবলৈ পোৱা নাযাব ।

লগতে পঢ়কঃ ক্ৰমাৎ হ্ৰাস পাইছে নিভাৰৰ গতিবেগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.