ETV Bharat / state

ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত পদক লাভ কৰা খেলুৱৈক বকোত সম্বৰ্ধনা - risabh rabha won gold

দিল্লীৰ কেশৱ পুৰমৰ ঝাঞ্চি ৰাণী ষ্টেডিয়ামত অনুষ্ঠিত সপ্তম ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত উজ্বলিল অসমৰ ৫ গৰাকী খেলুৱৈ । ৪টা সোণৰ পদক আৰু এটা ৰূপৰ পদক জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে খেলুৱৈসকলে । মঙলবাৰে বকো উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত অভিনন্দন জনোৱা হয় সুদক্ষ খেলুৱৈকেইগৰাকীক ।

TAEKWONDO PLAYERS FELICITATED AT BOKO
ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত পদক লাভ কৰা খেলুৱৈক বকোত সম্বৰ্ধনা
author img

By

Published : Sep 29, 2021, 2:11 PM IST

বকো, ২৯ ছেপ্টেম্বৰ: ক্ৰীড়াৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক গৌৰৱান্বিত কৰিলে বকোৰ ৫ গৰাকী খেলুৱৈয়ে । কামৰূপ জিলাৰ বকোস্থিত ড্ৰেগন ৱেৰিয়ৰ্ছ নামৰ সমৰ কলা সংস্থা টাইকোৱাণ্ডো দোজাঙৰ ছয় গৰাকী খেলুৱৈয়ে শেহতীয়াকৈ দেশৰ দিল্লীৰ কেশৱ পুৰমৰ ঝাঞ্চি ৰাণী ষ্টেডিয়ামত অনুষ্ঠিত সপ্তম ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ ২০২১ত অংশগ্ৰহণ কৰিছিল ।

ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত পদক লাভ কৰা খেলুৱৈক বকোত সম্বৰ্ধনা

বকো টাইকোৱাণ্ডো দোজাঙৰ মুখ্য প্ৰশিক্ষক দেৱজিৎ ডেকাই জনোৱা মতে, যোৱা ১৮ ছেপ্টেম্বৰৰ পৰা ২১ ছেপ্টেম্বৰলৈকে অনুষ্ঠিত ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত বকোৰ মুঠ ছয় গৰাকী খেলুৱৈয়ে যোগদান কৰে । ইয়াৰ ভিতৰত ৰিচৱ ৰাভাই সোণৰ পদক, ধনজিৎ বড়োই সোণৰ পদক, বিভীষণ ৰাভাই ৰূপৰ পদক, নৱনিকা বড়োই সোণৰ পদক, বিশাল ৰাভাই সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ।

মঙলবাৰে বকো উন্নয়ন খণ্ডৰ কাৰ্যালয়ত এক সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয় । এই সভাতে অভিনন্দন জনোৱা হয় সুদক্ষ খেলুৱৈকেইগৰাকীক ।

সম্বৰ্ধনা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বকো উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া অৰ্ণৱ কুমাৰ বৰুৱা, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা ৰাভা হাছং ক্ৰীড়া সন্থাৰ সভাপতি আদিত্য ৰাভা আদিকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি । কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উপ-সভাপতি আনন্দ ৰাভা সভাপতিত্বত আয়োজিত সম্বৰ্ধনা সভাত খেলুৱৈ সকলক শুভেচ্ছা জনায় খণ্ড উন্নয়ণ বিষয়া অৰ্ণৱ কুমাৰ বৰুৱাই ।

লগতে পঢ়ক:Wako India National KickBoxing Training Came ত জিলিকিব 3 অসমীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.