দক্ষিণ কামৰূপ, 18 মে’: ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক প্ৰতিনিধিত্ব কৰিব এজন অসমীয়াই । ‘‘Swimming Federation Of India’’ ৰ সংযুক্ত সচিবৰ পদত অধিষ্ঠিত হ'ল অসম সাঁতোৰ সন্থাৰ সম্পাদক ৰূপে কৰ্মৰত ভাস্কৰ দাস। যোৱা ১৬ মে’ত চেন্নাইত অনুষ্ঠিত হোৱা এক বিশেষ সভাত Swimming Federation Of India ই ভাস্কৰ দাসক এই দায়িত্বভাৰ প্ৰদান কৰে। এই দায়িত্বভাৰ গ্ৰহণ কৰি চেন্নাইৰ পৰা শনিবাৰে অৰ্থাৎ আজি অসমত উপস্থিত হয় ভাস্কৰ দাস।
ভাস্কৰ দাসক বৰঝাৰস্থিত বিমানবন্দৰত আদৰণী জনাই অসম সাঁতোৰ সন্থাই। উল্লেখ্য যে,ভাস্কৰ দাস হৈছে Swimming Federation Of Indiaৰ অসমৰ পৰা নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া। এই পদত অধিষ্ঠিত হৈ উৎফুল্লিত ভাস্কৰ দাসৰ লগতে অসম সাঁতোৰ সন্থা।