ETV Bharat / state

চিকিৎসালয় চৌহদত আত্মহনন ৰোগীৰ - North Guwahati Police

উত্তৰ গুৱাহাটীৰ জিএনআৰচি চিকিৎসালয়ত চাঞ্চল্যকৰ আত্মহত্যা ৰোগীৰ ৷ চিকিৎসালয়খনৰ দ্বিতীয় মহলাৰ আইচিইউ কক্ষৰ পৰা জপিয়াই আত্মহত্যা কৰে ৰোগীগৰাকীয়ে ৷

Suicide of a patient from GNRC Hospital kamrup assam etv bharat news
ৰোগীৰ আত্মহত্যা
author img

By

Published : Jun 10, 2020, 4:01 PM IST

আমিনগাঁও,10 জুন: এগৰাকী ৰোগীৰ আত্মহত্যাই চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে উত্তৰ গুৱাহাটীস্থিত জিএনআৰচি চিকিৎসালয়ত ৷ চিকিৎসালয়খনৰ দ্বিতীয় মহলাৰ আইচিইউ কক্ষৰ পৰা জপিয়াই আত্মহত্যা কৰে ৰোগীগৰাকীয়ে । ইতিমধ্যে কক্ষটোৰ খিৰিকীত থকা দুৰ্বল গ্ৰীল ভাঙি ৰোগীগৰাকীয়ে আত্মহত্যা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে ৷

ৰোগীৰ আত্মহত্যা

ঘটনাৰ বিৱৰণী অনুসৰি,নিচা শক্তি ত্যাগ কৰাৰ বাবে চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল চাংসাৰীৰ ভিতৰখোলাৰ মহেশ্বৰ বড়ো নামৰ ব্যক্তিগৰাকীক ৷ প্ৰায় দুঘণ্টা জীৱন-মৃত্যুৰে যুঁজি অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে নিচাসক্ত ৰোগীগৰাকীয়ে ৷ এই চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনাই উদঙাই তুলিছে চিকিৎসালয়খনৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপ ৷ বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে উত্তৰ গুৱাহাটী আৰক্ষীয়ে ৷

লগতে চাওকঃ বাঘজানৰ পৰিস্থিতি পৰিদৰ্শন পলাশ চাংমাইৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.