শুৱালকুচি, 23 জানুৱাৰীঃ অসম সাহিত্য সভাৰ শুৱালকুচি অধিৱেশনলৈ মাজত মাত্ৰ কেইটামান দিন ৷ অহা 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ অধিৱেশন | অধিৱেশনৰ বাবে ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে 80 শতাংশ প্ৰস্তুতি ৷ সেই হেতুকে বৃহস্পতিবাৰে অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শক হৰমিত সিঙ আৰু উপ আৰক্ষী মহাপৰিদৰ্শক ব্ৰজেনজিৎ সিনহাৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে অধিৱেশনস্থলী পৰিদৰ্শন কৰি, আইন শৃংখলাজনিত বৈঠকত মিলিত হয় ৷ উল্লেখ্য যে, 3 ফেব্ৰুৱাৰী অধিৱেশনলৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ৷
লগতে পঢ়কঃ বিতৰ্কত তামৰঙা-দলনী ভোগালী মহোৎসৱ