ETV Bharat / state

ছয়গাঁৱত ষ্ট্ৰবেৰী খেতিয়কৰ মাজত হাহাকাৰ

author img

By

Published : Apr 19, 2020, 8:03 PM IST

লক ডাউনৰ বাবে ষ্ট্ৰবেৰী খেতিয়কৰ মাজত হাহাকাৰ পৰিস্থিতি ৷ লক ডাউনৰ লগতে বতাহ-বৰষুণৰ ফলত নষ্ট হৈছে উৎপাদন কৰা ষ্ট্ৰবেৰীসমূহ ৷ উপায়হীন হৈ পৰিছে কৃষকসকল ৷

ছয়গাঁৱত ষ্ট্ৰবেৰী খেতিয়কৰ মাজত হাহাকাৰ
ছয়গাঁৱত ষ্ট্ৰবেৰী খেতিয়কৰ মাজত হাহাকাৰ

ছয়গাঁও, 19 এপ্ৰিল : ছয়গঞা কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতি ৷ লক ডাউনৰ সময়ত বিক্ৰী কৰিব নোৱাৰি পথাৰতে নষ্ট হ’ল লাখ লাখ টকাৰ ষ্ট্ৰবেৰী খেতি । উল্লেখ্য যে,দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত কৰ্দৈগুৰীত প্ৰায় ৫ বছৰ আগতে ষ্ট্ৰবেৰীৰ খেতি আৰম্ভ কৰিছিল একাংশ কৃষকে আৰু এই কৃষিকৰ্মৰে স্বাৱলম্বীও হৈছে অঞ্চলটোৰ প্ৰায়বোৰ কৃষক। তেওঁলোকে পুণেৰ পৰা ষ্ট্ৰবেৰীৰ বীজ আনি উৎপাদন কৰা ষ্ট্ৰবেৰীসমূহ গুৱাহাটীৰ লগতে ৰাজ‍্যৰ প্ৰায়বোৰ ঠাইত ৰপ্তানি কৰিছিল ৷

কিন্তু লক ডাউনৰ বাবে এই ষ্ট্ৰবেৰীসমূহ বিক্ৰী কৰিব নোৱাৰি হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকসকলে ৷ ইয়াৰোপৰি ৰাজ্যত 2-3 ধৰি হোৱা ধুমুহা-বৰষুণে ষ্ট্ৰবেৰীসমূহ পথাৰতে নষ্ট কৰি পেলাইছে ৷

লক ডাউনৰ বাবে বজাৰসমুহ বন্ধ হৈ আছে যদিও কৰ্দৈগুৰীত উৎপাদন হোৱা ষ্ট্ৰবেৰীসমূহ উৎপাদন কৰাৰ লগতে অৱশিষ্টখিনি বিক্ৰী কৰাৰ বাবে সু-ব্যৱস্থা কৰি দিবলৈ চৰকাৰ তথা কৃষিমন্ত্ৰীক অনুৰোধ জনাইছে দুৰ্ভগীয়া কৃষকসকলে।

লগতে পঢ়ক : অত্যাৱশ্যকীয় নোহোৱা সামগ্ৰীৰ বিক্ৰীত বাধা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.