নিউজ ডেস্ক, 20 আগষ্ট : ‘মহৰম’ একেশ্বৰবাদী মুছলমান লোকসকলৰ এটি পৱিত্ৰ পৰ্ব যিটো মুহৰৰম ইছলামিক বৰ্ষপঞ্জিৰ প্ৰথম মাহত পালন কৰা হয়। ই যদিও ছিয়া মুছলমানসকলৰহে পৱিত্ৰ পৰ্ব তথাপিও ইয়াৰ অন্তৰ্নিহিত ভাৱ আৰু অনুভূতিয়ে ইয়াক মুছলমানসকলৰ সৰ্বজনীন পৰ্বত পৰিণত কৰিছে ।
মুছলমানসকলৰ তীব্ৰ বেদনাৰ স্মৃতি-বিজড়িত মহৰম মাহ অতি পৱিত্ৰ মাহ। এই মাহতেই মহাপুৰুষ হজৰত মহম্মদৰ আবিৰ্ভাৱ হৈছিল। মুছলমানসকলৰ বিশ্বাস যে এই মাহতে সৃষ্টিকৰ্তা ভগৱানে পৃথিৱী সৃষ্টি কৰিছিল ।
এই মহৰম মাহতেই এই পৰ্ব পালন কৰা হয়; সেইবাবে এই পৰ্বটো মহৰম নামেৰে জনাজাত। ইছলাম ধৰ্ম-প্ৰৱৰ্তক হজৰত মহম্মদৰ নাতি হাচান আৰু হোচেনৰ হিয়া বিদাৰক, মৰ্মন্তুদ মৃত্যুৰ স্মৃতি উপলক্ষে এই পৰ্ব অনুষ্ঠিত হয় ।
মুছলমান ধৰ্মাৱলম্বীৰ পৱিত্ৰ পৰ্ব মহৰম উপলক্ষে ২০ আগষ্ট অৰ্থাৎ আজি অৰ্ধ ছুটী ঘোষণা কৰিছে ৰাজ্য চৰকাৰে । চৰকাৰী বন্ধসূচী অনুসৰি এই দিনটো ১৯ আগষ্ট আছিল যদিও ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ্যিক হিলাল কমিটীৰ সিদ্ধান্তৰ ভিত্তিত ১৯ আগষ্টৰ পৰিৱৰ্তে ২০ আগষ্টত মহৰমৰ চৰকাৰী অৰ্ধ ছুটী ঘোষণা কৰা হয় ৷
লগতে পঢ়ক : প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ 77 সংখ্যক জন্ম বাৰ্ষিকী...