ETV Bharat / state

Reaction on Miya Museum: মিঞা মিউজিয়াম অসমত প্ৰয়োজন নাই: ভৱেশ কলিতা

author img

By

Published : Oct 25, 2022, 7:49 PM IST

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৭২ তম জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টি উত্তৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত ৰঙিয়াত “সেৱা পষেক” কাৰ্যসূচীৰ অধীনত প্ৰবুদ্ধ ব্যক্তিৰ এখন সন্মিলন অনুষ্ঠিত হয় ৷ সন্মিলনত উপস্থিত থাকি ভৱেশ কলিতাই মিঞা মিউজিয়ামক লৈ কেতবোৰ মন্তব্য কৰে (Bhabesh Kalita reaction on Miya Museum) ৷

State BJP president Bhabesh Kalita reaction on Miya Museum
মিঞা মিউজিয়াম অসমত প্ৰয়োজন নাই; ভৱেশ কলিতা

ৰঙিয়া, 25 অক্টোবৰ: ‘‘ চৰকাৰী ধনেৰে অপসংস্কৃতিৰ নামত মিঞা মিউজিয়াম কৰিবলৈ নিদিয়ে চৰকাৰে । এইক্ষেত্ৰত চৰকাৰে উচিত ব্যৱস্থা ল'ব । অতি শীঘ্ৰে বন্ধ কৰিব মিঞা মিউজিয়াম । মিঞা মিউজিয়াম অসমত প্ৰয়োজন নাই’’ ৷ মঙলবাৰে মিঞা মিউজিয়াম সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (Bhabesh Kalita reaction on Miya Museum) ৷

মিঞা মিউজিয়াম অসমত প্ৰয়োজন নাই: ভৱেশ কলিতা

লগতে তেওঁ কয় ‘‘মিঞাসকলে অসমৰ মাটিত থাকি অসমৰ বায়ু সেৱন কৰিব পৰা নাই । তেওঁলোকে বিদেশী স্বভাৱটো নিজে নিজেই লৈ আছে । মিঞা মিউজিয়াম নহয় অসমৰ জিলাই জিলাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰহে স্থাপন কৰিব লাগিব । এনে এক সময়ত মিঞা মিউজিয়াম স্থাপন কৰি মিঞাসকলে এটা অপসংস্কৃতি আৰম্ভ কৰিছে । এই বিলাক অপসংস্কৃতি অসম ভূমিত স্থান নাই । কিছুমান ব্যক্তি তথা সংগঠনে এনে কাণ্ড কৰিছে এইটো বন্ধ হ’ব লাগিব । গোৱালপাৰাত চৰকাৰী আবাস গৃহত এনেদৰে মিঞা মিউজিয়ামক স্থাপন কৰা বিষয়টোৰ ওপৰত ৰাজ্য চৰকাৰে ব্যৱস্থা ল’ব লাগিব ।’’

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ তম জন্মদিন (PM Modi's 72nd birthday) উপলক্ষে ভাৰতীয় জনতা পাৰ্টি উত্তৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত ৰঙিয়াত “সেৱা পষেক” কাৰ্যসূচীৰ অধীনত প্ৰবুদ্ধ ব্যক্তিৰ এখন সন্মিলন অনুষ্ঠিত হয় ৷ এই সন্মিলনতে Modi@20 Dreams Meet Delivery শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয় ।

ৰঙিয়া প্ৰগতি সংঘৰ প্ৰেক্ষাগৃহত বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি সুৱল পালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত মুখ্য বক্তা হিচাপে উপস্থিত থাকে ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা (State BJP president Bhabesh Kalita) । সভাত উপস্থিত থাকি কলিতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্য্যকালত সমগ্ৰ ভাৰততে হোৱা উন্নয়নৰ বিষয়ে উল্লেখ কৰে ।

উল্লেখযোগ্য যে, দেওবাৰে বিভিন্ন বিতৰ্কৰ মাজতে গোৱালপাৰাত অনুষ্ঠিকভাৱে উদ্বোধন কৰা হৈছিল এটা মিঞা সংগ্ৰহালয় (Miya Museum inaugurated in Goalpara) । মিঞা পৰিষদৰ গোৱালপাৰা জিলাৰ সমিতিৰ উদ্যোগত মিঞা সংগ্ৰহালয় উদ্বোধন কৰিছিল আহোম ৰয়েল চ’চাইটিৰ মুখ্য সাংগঠনিক সম্পাদক ধাদু মিঞাই ।

কিন্তু মঙলবাৰে গোৱালপাৰা জিলা প্ৰশাসনৰ তৎপৰতাত লক্ষীপুৰ ৰাজহ চক্ৰ বিষয়া ৰাজীৱ গগৈয়ে ছীল কৰে বিতৰ্কিত মিঞা মিউজিয়ামটো (Goalpara district administration seals Miya Museum)। লগতে মিঞা সংগ্ৰহালয় উদ্বোধন কৰা মিঞা পৰিষদৰ সভাপতি এম মহৰ আলীক গোৱালপাৰা আৰক্ষীয়ে আটক কৰে (Miya Parishad President detained at Goalpara) ।

লগতে পঢ়ক: Miya Museum : মিঞা পৰিষদৰ সভাপতি মহৰ আলীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.