ETV Bharat / state

খেলপথাৰত নামিল গৃহিনী... - ৰঙিয়াৰ মহিলা সকলৰ মাজত অনুষ্ঠিত ক্ৰিয়া প্ৰতিযোগিতা

ৰঙিয়াত অনুষ্ঠিত হ’ল মুখ্যমন্ত্ৰী মহিলা ক্ৰীড়া প্ৰতিযোগিতা ৷ মহিলাসকলৰ মাজত ক্ৰিয়াসুলভ মনোভাৱ গঢ়ি তুলিবৰ বাবে অনুষ্ঠিত কৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি উৎসাহী হৈ পৰে অঞ্চলটোৰ মহিলা সকল ৷

sports events among the women in rangia
ৰঙিয়াত অনুষ্ঠিত মুখ্যমন্ত্ৰী মহিলা ক্ৰীড়া প্ৰতিযোগিতা
author img

By

Published : Feb 13, 2020, 11:08 AM IST

ৰঙিয়া , 13 ফেব্ৰুৱাৰীঃ ৰাজ্যৰ মহিলাসকলৰ লগতে তেঁওলোকৰ কন্যা সন্তানক খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দশ্যৰে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে গ্ৰহণ কৰিছে বিশেষ আৰু আকৰ্ষণীয় পদক্ষেপ ৷ ৰঙিয়া মহাবিদ্যালয়ৰ খেলপথাৰত ৰঙিয়া উন্নয়ন খণ্ডৰ ভিত্তিত অঞ্চলটোৰ মহিলা সকলৰ মাজত বৃহস্পতিবাৰে অনুষ্ঠিত হয় বিভিন্ন ক্ৰিয়া প্ৰতিযোগিতা ৷ অনুষ্ঠিত হোৱা লং জাম্প, হাই জাম্প, শ্বট পুট, ডিছকাচ থ্ৰ’, জেভলিন থ্ৰ' আদি খেলত অংশগ্ৰহণ কৰে বহু সংখ্যক স্থানীয় মহিলাই ৷ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অধীনত অনুষ্ঠিত মুখ্যমন্ত্ৰী মহিলা ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি উৎসাহী হৈ পৰে কিশোৰী আৰু যুৱতীসকল ৷ আনহাতে মহিলাসকলৰ মাজত এই ক্ৰিয়াসুলভ মনোভাৱ গঢ়ি তোলাৰ লগতে অসম গৌৰৱ হিমা দাসৰ দৰে মহিলা খেলুৱৈ সৃষ্টি কৰাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে আয়োজক সমিতিয়ে ৷

ৰঙিয়াত অনুষ্ঠিত মুখ্যমন্ত্ৰী মহিলা ক্ৰীড়া প্ৰতিযোগিতা

লগতে পঢ়কঃএবছুৰ নতুন সভাপতিৰ পদত দ্বীপেন বড়ো

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.