ETV Bharat / state

কিদৰে আছে লক ডাউনৰ সময়ছোৱাত দিব্যাংগ শিল্পীসকল ? - আৰ্থিকভাবে জুৰুলা দিব্যাংগ শিল্পী

দিব্যাংগ শিল্পীয়ে পথৰ দাঁতিত, বজাৰ, বাছষ্টেণ্ড, ৰেলগাড়ী আদিৰ ভিতৰত গীত গাই যাত্ৰীক মনোৰঞ্জন দিয়াৰ লগতে দুই এপইচা উপাৰ্জন কৰি পৰিয়াল পোহপাল দিছিল । লক ডাউনৰ বাবে স্তব্ধ হৈ পৰিছিল এইসকল শিল্পীৰ জীৱন ।

Specially abled artists facing economic problem due to lockdown
কিদৰে আছে লক ডাউনৰ সময়ছোৱাত দিব্যাংগ শিল্পীসকল ?
author img

By

Published : Aug 20, 2020, 8:46 AM IST

কামৰূপ, 20 আগষ্টঃ সংগীত যাৰ উপাৰ্জনৰ পথ । বিভিন্ন ৰাজহুৱা স্থানত সংগীত পৰিবেশন কৰি পোৱা উপাৰ্জনেৰে পোহপাল দিয়ে পৰিয়াল । কিন্তু দীৰ্ঘদিনীয়া লক ডাউনৰ সময়ত আৰ্থিকভাবে জুৰুলা হৈছে দিব্যাংগ শিল্পীসকল । যিসকল দিবাংগ শিল্পীয়ে পথৰ দাঁতিত, বজাৰ, বাছষ্টেণ্ড, ৰেলগাড়ী আদিৰ ভিতৰত গীত গাই যাত্ৰীক মনোৰঞ্জন দিয়াৰ লগতে দুই এপইচা উপাৰ্জন কৰি পৰিয়াল পোহপাল দিছিল । কিন্তু দীৰ্ঘদিনীয়া লক ডাউনৰ বাবে বন্ধ হৈ পৰিছিল এইসকল শিল্পীৰ উপাৰ্জনৰ পথ ।

কিদৰে আছে লক ডাউনৰ সময়ছোৱাত দিব্যাংগ শিল্পীসকল ?

এই শিল্পীসকলৰ গীতসমূহ স্বতঃস্ফূতভাবে ওলাই আহে অন্তৰৰ পৰা । বাইহাটা চাৰিআলিত তেনে এজন দিব্যাংগ শিল্পীয়ে পথৰ দাঁতিত বহি গীত গাই মনোৰঞ্জন দিছে পথচাৰীক । শিল্পীগৰাকীৰ গীত শুনি আগবঢ়াইছে সামান্য অৰ্থ । কিন্তু এই দিব্যাংগ শিল্পীসকলৰ বিষয়ে চৰকাৰে কিবা চিন্তা কৰিলেনে লক ডাউনৰ সময়ত তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে সচেতন ৰাইজে ৷

লগতে পঢ়কঃ নগাঁৱত সাংবাদিকক আক্ৰমণ বিজেপি নেতা-কৰ্মীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.