বকো,৩মাৰ্চ: অৱশেষত নিজৰ বাসগৃহত উপস্থিত হ'ল ১১ দিন পূৰ্বে অপহৃত দক্ষিণ কামৰূপৰ মিৰ্জাৰ ব্যৱসায়ী মুনিন্দ্ৰ তালুকদাৰ ওৰফে মণি । যোৱা ২০ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ৯ মান বজাত মিৰ্জাস্থিত নিজৰ দোকান বন্ধ কৰি ঘৰলৈ গৈ থকা অৱস্থাত ব্যৱসায়ীজনক পিষ্টল দেখুৱাই দুৰ্বৃত্তই অপহৰণ কৰি লৈ যায় । তাৰ পিছৰে পৰা কোনো সন্ধান নাছিল তেওঁৰ কিন্তু অপহৰণৰ কেইদিনমান পিছত আত্মীয়লৈ ফোন কৰি মুক্তিপনৰ বাবে অপহৰণকাৰীয়ে বিচাৰিছিল ৫ কোটি টকা । ঘৰত উপস্থিত হৈয়ে অপহৃত ব্যৱসায়ীজনে সংবাদ মাধ্যমৰ আগত ঘটনাৰ সকলো বৰ্ণনা কৰিলে ।
তেওঁ সংবাদমাধ্যমৰ আগত কোৱা মতে ৪ জনীয়া দুৰ্বৃত্তৰ দলে বাট ভেটি ধৰি পিষ্টলৰে তেওঁৰ মূৰত আঘাট কৰিছিল আৰু তাৰ পিছত এখন বাহনত উঠিবলৈ দিছিল । গাড়ীত উঠাৰ পিছতে চকুত কাপোৰ বান্ধি কোনো নিজান ঠাইলৈ লৈ গৈছিল ব্যৱসায়ীজনক । পাহাৰৰ অতি দুৰ্গম স্থানত লৈ গৈ তাতেই ভোকে-পিয়াহে ৰাখিছিল ব্যৱসায়ী মুনিন্দ্ৰ তালুকদাৰক আৰু অৱশেষত দুৰ্বৃত্তৰ দলটোৱে ১১ দিনৰ অন্তত তেওঁক মুকলি কৰি দিয়ে ।
আনহাতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত সংবাদমেলযোগে স্পষ্টীকৰণ দিছে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেন চন্দ্ৰ ৰায়ে । তেওঁ দাবী কৰা মতে আৰক্ষীয়ে বিগত দিনসমূহত জোৰদাৰ তদন্ত অব্যাহত ৰাখিছিল । অৱশেষত এক গোপন সূত্ৰৰ পম খেদি পলাশবাৰী আৰক্ষীৰ নেতৃত্বত আৰু কামৰূপ আৰক্ষীৰ সহযোগত যোৱা সোমবাৰে পুৱা ৮ বজাৰ পৰা মাৰাথন অভিযান চলাই অসম-মেঘালয় সীমান্তৱৰ্তী অতি দুৰ্গম স্থান মেঘালয় ৰাজ্যৰ ৰিভয় জিলাৰ অন্তৰ্গত ৰাজাপাৰা পাহাৰ ঘেৰি ধৰাত অপহৰণকাৰী দলটোৱে মুনিন্দ্ৰ তালুকদাৰক মুকলি কৰি দিবলৈ বাধ্য হয় । আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে ইতিমধ্যে ঘটনা সন্দৰ্ভত তিনিগৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছে । লগতে এই ঘটনাৰ লগত জড়িত আন কেইজনকো অতি শীঘ্ৰে আৰক্ষীয়ে আটক কৰিব বুলি জানিবলৈ দিয়ে । সংবাদমেলক কামৰূপ জিলা আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে ।