ETV Bharat / state

পোহৰ আৰু শব্দ যন্ত্ৰীৰ ওপৰত কৰ'ণাৰ প্ৰভাৱ

কৰ'ণাৰ বাবে প্ৰায় দুটা বছৰ বিভিন্ন সাংস্কৃতিক, ধৰ্মীয় আদি ৰাজহুৱা অনুষ্ঠানবোৰ হোৱা নাই । যাৰ বাবে পোহৰ আৰু শব্দ যন্ত্ৰবোৰৰো প্ৰয়োজন হোৱা নাই । ফলত উপাৰ্জনৰ পথ বন্ধ হৈ আছে এই ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলৰ ।

Kamrup
পোহৰ আৰু শব্দ যন্ত্ৰীৰ ওপৰত কৰ'ণাৰ প্ৰভাৱ
author img

By

Published : Aug 20, 2021, 5:58 PM IST

কামৰূপ,২০ আগষ্ট : ক'ৰ'ণা (Corona) মহামাৰীৰ বিভীষিকাৰ ফলত ৰাজ্যৰ সাংস্কৃতিক তথা অন্যান্য অনুষ্ঠানবোৰ বন্ধ থকাৰ ফলত যোৱা দুটা বছৰে শব্দ যন্ত্ৰী মালিক আৰু কৰ্মচাৰীসকলৰ অৱস্থা খুবেই শোচনীয় হৈ পৰিছে । বৰ্তমান তেওঁলোকে পেটৰ তাড়নাত পৰিয়াল পোহ পাল দিয়াৰ বাবে অন্য পথ বাচি ল'বলগীয়া হৈছে । কোনোৱে শাক-পাচলিৰ দোকান দিছে, কোনোবাই আকৌ ব্ৰইলাৰ মাংস বিক্ৰী কৰিছে আন কোনোৱে আকৌ পদ পথত দোকান দিয়া পৰিলক্ষিত হৈছে ।

যোৱা দুটা বছৰে তেওঁলোকৰ শব্দ যন্ত্ৰবোৰ ঘৰতে পৰি থকাৰ ফলত কিছু সামগ্ৰী নিগনিয়ে কুটি তহিলং কৰিছে । অকাৰ্যক্ষম হৈ পৰি আছে লাখ লাখ টকাৰ সা-সামগ্ৰী । এই সন্দৰ্ভত উত্তৰ কামৰূপ জিলাৰ চাউণ্ড এণ্ড লাইট এচ'ছিয়েচনে (Sound And Light Association) প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

পোহৰ আৰু শব্দ যন্ত্ৰীৰ ওপৰত কৰ'ণাৰ প্ৰভাৱ

এচ'ছিয়েচনৰ মতে তেওঁলোকে এই ক্ষেত্ৰত সাহাৰ্য বিচাৰি জিলাখনৰ চাৰিওটা সমষ্টিৰ বিধায়ক, সাংসদ দিলীপ শ‌ইকীয়া (MP Dilip Saikia),সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ (Bimal Borah) লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীক পৃথকে পৃথকে স্মাৰক পত্ৰ দিছে । কিন্তু আজিলৈ কোনো সুফল পোৱা নাই তেওঁলোকে । সেয়ে পুনৰবাৰ এচ'ছিয়েচনে চৰকাৰক অনুৰোধ জনাইছে যাতে এই ক্ষেত্ৰত গুৰুত্ব দিয়ে চৰকাৰে । নহ'লে ইয়াতকৈও ভয়াৱহ পৰিস্থিতিৰ দিশে যাব এই ক্ষেত্ৰত মালিক তথা কৰ্মচাৰীসকল ।

লগতে পঢ়ক :প্ৰতিবাদস্থলীৰ পৰাই অসম জাতীয় পৰিষদৰ নেতাক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.