ETV Bharat / state

Scholarship Scam : সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষক আটক

এইবাৰ সোণতলী আঞ্চলিক মহাবিদ্যালয়ত ছাত্ৰ বৃত্তি কেলেংকাৰী । ছাত্ৰ বৃত্তি আৰু মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ পুঁজিৰ ধন আত্মসাতৰ অভিযোগত আটক মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ (Sontoli college principal detained for scholarship scam) । লগতে আটক চতুৰ্থ বৰ্গৰ কৰ্মচাৰীও ।

Boko
Boko
author img

By

Published : Jan 3, 2023, 2:12 PM IST

ধন আত্মসাতৰ অভিযোগত এগৰাকী প্ৰাক্তন অধ্যক্ষক আটক

বকো, ৩ জানুৱাৰী : সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ বৃত্তি আৰু আন্তঃগাঁথনি উন্নয়নৰ ধন আত্মসাতৰ ঘটনা পোহৰলৈ আহি আহিছে (student scholarship scam in Assam) । লগতে এই দুৰ্নীতিৰ লগত জড়িত মহাবিদ্যালয় কৰ্মচাৰীকে ধৰি অধ্যক্ষ পৰ্যন্ত ৰঙাঘৰৰ আলহী হোৱাৰ ঘটনাও ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে (college infrastructure development fund scam) ।

শেহতীয়াকৈ এই দুৰ্নীতিয়ে জোকাৰি গৈছে সোণতলী আঞ্চলিক মহাবিদ্যালয় । যাৰ বাবে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষক আৰক্ষীয়ে আটক কৰে (Sontoli college principal detained for scholarship scam) ৷ প্ৰাক্তন অধ্যক্ষগৰাকীৰ লগতে আটক কৰা হৈছে মহাবিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰীকো ৷ ছাত্ৰ বৃত্তিৰ ধনৰ লগতে মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিৰ ধনৰ কেলেংকাৰীৰ অভিযোগত আটক কৰা হৈছে দুয়োকে (scholarship scam in Sontoli Anchalik college) ৷

উক্ত কেলেংকাৰীত নিমজ্জিত হোৱাৰ অভিযোগত মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ আবুল কালাম আজাদক বকো আৰক্ষীয়ে সোণতলী আৰক্ষীৰ সহযোগত আটক কৰে ৷ আনহাতে, একেই কেলেংকাৰীত জড়িতৰ অভিযোগত মহাবিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰবিউল হুছেইন ওৰফে মিঠুকো আটক কৰা হয় । ইতিমধ্যে কৰ্মচাৰীগৰাকীৰ লগতে অধ্যক্ষগৰাকীক উক্ত কেলেংকাৰী সন্দৰ্ভত আৰক্ষীয়ে সোধাপোছা আৰম্ভ কৰিছে ৷

উল্লেখ্য, মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ আবুল কালাম আজাদৰ সহযোগত নীতিবহিৰ্ভূতভাৱে ছাত্ৰ বৃত্তিৰ আঁচনিৰ নডেল অফিচাৰ সজাইছিল ৰবিউলৰ পত্নীক ৷ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰবিউলৰ পত্নী নুৰনাহাৰ আখতাৰক নডেল অফিচাৰ সজাই লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে ৷ আৰক্ষীৰ সোধাপোছাৰ পিছতে দুৰ্নীতিগ্ৰস্ত প্ৰাক্তন অধ্যক্ষ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজন গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য, সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ তপন দত্ত আৰু মহাবিদ্যালয়ৰ কৰ্মচাৰী গোটৰ দুটাকৈ গোচৰৰ ভিত্তিত সোমবাৰে নিশা বকো আৰক্ষীয়ে আটক কৰে প্ৰাক্তন অধ্যক্ষ আব্দুল কালাম আজাদ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰবিউল হুছেইনক । বকো আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফণীন্দ্ৰ নাথৰ নেতৃত্বত চলে এই অভিযান । ইতিমধ্যে প্ৰায় ৩৬ লাখ টকাৰ কেলেংকাৰীত অভিযুক্ত হৈ অধ্যক্ষ পদৰ পৰা নিলম্বিত হৈছে আবুল কালাম আজাদ । অভিযোগ অনুসৰি, ছাত্ৰ-ছাত্ৰীৰ বৃত্তিৰ ধন সোমায় পৰিকল্পিত লোকৰ একাউণ্টত । এই ঘটনাক লৈ প্ৰায় দুবছৰ বিতৰ্ক চলি আছে ।

উল্লেখ্য, দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা বুলি কৈ থকা বিজেপি চৰকাৰৰ দিনতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত সংঘটিত হৈছে এক বৃহৎ ছাত্ৰ বৃত্তি কেলেংকাৰী । উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ বাবে (University Grants Commission) চমুকৈ UGC-এ ২০১৪ চনৰ পৰা ঈশান উদয় নামৰ এখন আঁচনিৰ জৰিয়তে কাৰিকৰী শিক্ষা গ্ৰহণ কৰাসকলক বছৰি ৭৮,০০০ টকা আৰু স্নাতক শিক্ষা গ্ৰহণ কৰাসকলক ৫৪,০০০ টকাকৈ ছাত্ৰ বৃত্তি প্ৰদান কৰি আহিছে (Barpeta Ishan Uday Scam) ।

এই আঁচনিৰ জৰিয়তে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী ইতিমধ্যে উপকৃত হৈছে । কিন্তু শেহতীয়াকৈ ২০২০-২০২১ বৰ্ষৰ ঈশান উদয় ছাত্ৰ বৃত্তি আঁচনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । জলপানিৰ নামত অহা এই ধনৰ হৰলুকি কৰি আহিছে একাংশই । উল্লেখ্য যে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক বছৰত প্ৰদান কৰা হয় স্ক’লাৰশ্বিপ ৷ একেদৰে কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰালয়ৰ অধীনত ৰাজ্যখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ মেধা ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্যৰ বাহিৰৰ একাংশ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়ায় মেধা ভিত্তিক স্ক’লাৰশ্বিপ ৷ কিন্তু এই স্ক’লাৰশ্বিপত এতিয়া শেনচকু অসাধু চক্ৰৰ ৷

লগতে পঢ়ক :Ishan Uday Scam: ঈশান উদয় বৃত্তি কেলেংকাৰী সন্দৰ্ভত পুনৰ গ্ৰেপ্তাৰ আন এজন অধ্যক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.