গুৱাহাটী,2আগষ্টঃ চ'ছিয়েল মিডিয়াত সততে ভাইৰেল হৈ পৰা চুৰি কাণ্ডৰ ঘটনা পুনৰ বাৰ সংঘটিত হ'ল সোণাপুৰত ৷ শুকুৰবাৰে চি চি টিভি কেমেৰাত বন্দী হ'ল বাইকেৰে অহা যুৱকে এজন লোকৰ পৰা টকাৰ মোনা লৈ উধাও হোৱাৰ সমগ্ৰ দৃশ্য ৷ তথ্য অনুসৰি সোণাপুৰস্থিত ভাৰতীয় ষ্টেট বেংক শাখাৰ পৰা প্ৰাক্তন জলসিঞ্চন বিভাগৰ কৰ্মচাৰী নাজিৰ আলীয়ে গৃহ নিৰ্মাণৰ বাবে শুকুৰবাৰে উলিয়াইছিল 1 লাখ টকা ৷ বেংকৰ পৰা ওলাই ফোন অহাত কথা পতাত ব্যস্ত হৈ পৰে নাজিৰ আলী ৷ ইপিনে পূৰ্বৰে পৰা তেওঁক লক্ষ্য কৰি থকা পালছাৰ বাইকত অহা এজন যুৱকে কয় যে তেখেতৰ কেবাখনো 10 টকীয়া নোট পৰি গৈছে । যুৱকজনৰ কথা শুনি আলীয়ে 10 টকীয়া নোট কেইখন উঠাবলৈ লওতেই অচিনাকী যুৱকজনে আলীৰ বেগটোৰ পৰা সমস্ত ধন লৈ পলায়ন কৰে । ঘটনা সন্দৰ্ভত আলীয়ে সোণাপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ।
10 টকাৰ মোহত 1 লাখ টকা হেৰুৱালে এজনে
সোণাপুৰত বেংকৰ গ্ৰাহকৰ পৰা 1 লাখ টকা লৈ উধাও হ'ল বাইকত অহা দুই দুৰ্বৃত্ত । অচিনাকী যুৱকৰ কথাত পতিয়ন গৈ দিন দুপৰতে এজন লোকে হেৰুৱালে 1 লাখ টকা ৷ ঘটনা সন্দৰ্ভত সোণাপুৰ আৰক্ষী থানাত গোচৰ ৰুজু ৷
গুৱাহাটী,2আগষ্টঃ চ'ছিয়েল মিডিয়াত সততে ভাইৰেল হৈ পৰা চুৰি কাণ্ডৰ ঘটনা পুনৰ বাৰ সংঘটিত হ'ল সোণাপুৰত ৷ শুকুৰবাৰে চি চি টিভি কেমেৰাত বন্দী হ'ল বাইকেৰে অহা যুৱকে এজন লোকৰ পৰা টকাৰ মোনা লৈ উধাও হোৱাৰ সমগ্ৰ দৃশ্য ৷ তথ্য অনুসৰি সোণাপুৰস্থিত ভাৰতীয় ষ্টেট বেংক শাখাৰ পৰা প্ৰাক্তন জলসিঞ্চন বিভাগৰ কৰ্মচাৰী নাজিৰ আলীয়ে গৃহ নিৰ্মাণৰ বাবে শুকুৰবাৰে উলিয়াইছিল 1 লাখ টকা ৷ বেংকৰ পৰা ওলাই ফোন অহাত কথা পতাত ব্যস্ত হৈ পৰে নাজিৰ আলী ৷ ইপিনে পূৰ্বৰে পৰা তেওঁক লক্ষ্য কৰি থকা পালছাৰ বাইকত অহা এজন যুৱকে কয় যে তেখেতৰ কেবাখনো 10 টকীয়া নোট পৰি গৈছে । যুৱকজনৰ কথা শুনি আলীয়ে 10 টকীয়া নোট কেইখন উঠাবলৈ লওতেই অচিনাকী যুৱকজনে আলীৰ বেগটোৰ পৰা সমস্ত ধন লৈ পলায়ন কৰে । ঘটনা সন্দৰ্ভত আলীয়ে সোণাপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ।
Body:
বেংকৰ গ্ৰাহকৰ পৰা 1 লক্ষ টকা লৈ উধাও হল বাইকত অহা দুই দুৰ্বৃত্তই। সোণাপুৰস্থিত ভাৰতীয় ষ্টেট বেংক শাখাৰ পৰা প্ৰাক্তন জলসিঞ্চন বিভাগৰ কৰ্মচাৰী নাজিৰ আলিয়ে গৃহ নিৰ্মাণৰ বাবে বেংকৰ পৰা টকা খিনি লৈ বেগত ভৰাই চিমেণ্ট ক্ৰয় কৰিবলৈ বাইকেৰে দোকানলৈ গতি কৰে আৰু ঠিক সেই সময়তে আলিৰ মোবাইল ফোনটো ৰিং কৰাত ফোনটো পকেটৰ পৰা উলিয়াই কথা পাতিবলৈ লোৱাত পূৰ্বৰে পৰা লক্ষ্য কৰি থকা পালচাৰ বাইকত অহা এজন যুৱকে আলিক কয় যে তেখেতৰ কেবাখনো 10 টকীয়া নোট পৰি গৈছে। যুৱকজনৰ কথা শুনি আলিয়ে 10 টকীয়া নোট কেইখন উঠাবলৈ লওঁতেই অচিনাকী যুৱকজনে আলিৰ বেগটোৰ পৰা সমস্ত ধন লৈ পলায়ন কৰে। ঘটনা সন্দৰ্ভত আলিয়ে সোণাপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে।
Byte Conclusion:মহানগৰীৰ পাৰ্চৱৰ্তী অঞ্চল সোণাপুৰত আৰক্ষী প্ৰসাশনে পহৰা দিয়াৰ পাছতো কেনেকৈ দিন দুপৰতে এনে ধৰণৰ ঘটনা সংঘটিত হব পাৰে সেয়া এক চাঞ্চল্যকৰ বিষয় হৈ পৰিছে।