ETV Bharat / state

কমলপুৰত পোহৰলৈ আহিছে ক'ভিড প্ৰট'কল ভংগৰ ভয়াৱহ ছবি - সান্ধ্য আইন

যিসময়ত সকলো ধৰণৰ ৰাজহুৱা স্থানত সামাজিক দূৰত্ব মানি চলাৰ লগতে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে তেনে সময়তে সান্ধ্য আইনৰ মাজতে কমলপুৰ আল্টাত পাইপ উদ্যোগ নিৰ্মাণৰ কামত নিয়োজিত হৈ থাকিল প্ৰায় তিনি শতাধিক শ্ৰমিক ৷ নিৰ্মাণস্থলীত নিয়োজিত শ্ৰমিক সকলৰ মুখত দেখা পোৱা নগ'ল মাস্ক নাথাকিল কোনো ধৰণৰ সামাজিক দূৰত্ব।

কমলপুৰত একাংশই ভংগ কৰিছে ক'ভিড প্ৰট'কল
কমলপুৰত একাংশই ভংগ কৰিছে ক'ভিড প্ৰট'কল
author img

By

Published : May 7, 2021, 1:51 PM IST

বাইহাটা,7 মে': ৰাজ্যত দ্ৰুত হাৰত কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি পোৱাত উদ্বিগ্নতা প্ৰকাশ কৰি ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা ৷ পূৰ্বৰ 6 বজাৰ পৰিৱৰ্তে আবেলি 2 বজাৰ পৰা সমগ্ৰ ৰাজ্যতে সান্ধ্য আইন বলবৎ কৰিছে যদিও ইয়াক লৈ সজাগ নহয় একাংশ লোক ৷ প্ৰশাসনৰ সকলো নিৰ্দেশনা আওকাণ কৰি কামৰূপৰ কমলপুৰত একাংশই ভংগ কৰিছে ক'ভিড প্ৰট'কল ৷

কমলপুৰত একাংশই ভংগ কৰিছে ক'ভিড প্ৰট'কল

একাংশ অসচেতন লোকে মাস্ক পৰিধান নকৰাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে সান্ধ্য আইনৰ মাজতে কমলপুৰ আল্টাত পাইপ উদ্যোগ নিৰ্মাণৰ কামত নিয়োজিত হৈ থাকিল প্ৰায় তিনি শতাধিক শ্ৰমিক ৷ প্ৰশাসনৰ সকলো নীতি-নিৰ্দেশনা ভংগ কৰিলে নিৰ্মাণ কাৰ্যত নিয়োজিত শ্ৰমিকসকলে ৷ যি সময়ত সকলো ধৰণৰ ৰাজহুৱা স্থানত সামাজিক দূৰত্ব মানি চলাৰ লগতে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে তেনে সময়তে নিৰ্মাণস্থলীত নিয়োজিত শ্ৰমিক সকলৰ মুখত দেখা পোৱা নগ'ল মাস্ক।

কমলপুৰত একাংশই ভংগ কৰিছে ক'ভিড প্ৰট'কল
কমলপুৰত একাংশই ভংগ কৰিছে ক'ভিড প্ৰট'কল

ওৰে নিশা উদ্যোগৰ নিৰ্মাণ আৰু ডাম্পাৰৰে মাটি কঢ়িওৱা কামত নিয়োজিত এই শ্ৰমিকক লৈ শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ এই সন্দৰ্ভত স্থানীয় লোকসকলে কামৰূপ জিলা প্ৰশাসনক অভিযোগ দাখিল কৰিছে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে । সান্ধ্য আইনক লৈ কৰা ল'ৰা ধেমালিক লৈ ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷

লগতে পঢ়ক: শিলচৰ ৰে’লৱে ষ্টেচনত বাধ্যতামূলক কৰা হৈছে ক’ভিড পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.