ৰঙিয়া, ৮জুন: লকডাউনৰ মাজতে ৰঙিয়াত ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী । এই প্ৰতিবাদী কাৰ্যসূচীত অংশ ল'লে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কা বিৰোধী ঐক্যমঞ্চৰ সদস্যই । অখিল গগৈকে ধৰি কাৰাবন্দী কৰি ৰখা একাংশ কৃষক নেতাক শীঘ্ৰে মুক্তিৰ দাবীত এই প্ৰতিবাদ ।
অখিল গগৈ, মানস কোঁৱৰ, ধৈৰ্য্য কোঁৱৰ, বিতু সোণোৱালক ১৮০ দিন ধৰি কাৰাবন্দী কৰি ৰখা আৰু এওঁলোকৰ আটাইকে শীঘ্ৰে মুক্তিৰ দাবীত ৰঙিয়াৰ গান্ধী মণ্ডপৰ সন্মুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সোমবাৰে পালন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ।
"ন্যায়ালয়ে জামিন দিয়াৰ পিছতো চৰকাৰে মিছা গোচৰ জাপি দি কাৰাৰুদ্ধ কৰিব বিচাৰিছে কা আন্দোলন বিৰোধী নেতাক", এই অভিযোগ ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ । যাৰ প্ৰতিবাদত সোমবাৰৰ পৰা ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে আৰম্ভ কৰিছে এক গণ স্বাক্ষৰ অভিযান । অখিল গগৈ, মানস কোঁৱৰ, ধৈৰ্য্য কোঁৱৰ, বিতু সোণোৱালৰ মুক্তিৰ দাবীত ৰঙিয়া আৰু উত্তৰ কামৰূপৰ প্ৰায় এক লাখ লোকৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্ৰও শীঘ্ৰে প্ৰেৰণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ, জনালে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই ।