ETV Bharat / state

ৰঙিয়াত একেদিনাই ষোল্ল গৰাকীৰ দেহত কোভিড 19

author img

By

Published : Jul 26, 2020, 3:53 PM IST

কামৰূপ(গ্ৰাম্য)ৰ ৰঙিয়া মহকুমাত শনিবাৰৰ দিনটোত সৰ্বাধিক ষোল্ল গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ বিগত দুদিনৰ ভিতৰত প্ৰায় 41 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে এই ভাইৰাছ ৷ সম্প্ৰতি ৰঙিয়াৰ শান্তিপুৰ অঞ্চল কৰ’ণাৰ হটস্পটলৈ পৰিণত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে চিকিৎসকসকলে ।

sixteen more people tested covid 19 positive in rangia in a single day kamrup rural assam etv bharat news
ৰঙিয়া আদৰ্শ চিকিৎসালয়

ৰঙিয়া,26 জুলাই: শেহতীয়াকৈ কামৰূপ (গ্ৰাম্য) জিলাৰ ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ এগৰাকীকৈ নাৰ্চ আৰু আশাকৰ্মীৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি । দুয়োগৰাকী কৰ্মচাৰীয়ে সম্পন্ন কৰা ৰেপিড পৰীক্ষা অনুসৰি এই ভাইৰাছবিধৰ উপস্থিতিৰ কথা পোহৰলৈ আহে ৷ বিগত তিনিদিনে জ্বৰত আক্ৰান্ত হৈ আছিল কোভিড 19 ত আক্ৰান্ত নাৰ্চগৰাকী ।

ইফালে,শনিবাৰৰ দিনটোত ৰঙিয়াত সৰ্বাধিক 16 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে কোভিড 19 ৷ ভাইৰাছবিধত আক্ৰান্ত আটাইকেইজন ব্যক্তিকে ইতিমধ্যে কোভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । তদুপৰি আদৰ্শ চিকিৎসালয়খনত কৰ্তব্যৰত নাৰ্চগৰাকী এই ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰে আতংকৰ সৃষ্টি কৰিছে ৰঙিয়াত ৷ কিয়নো কৰ্তব্যৰ খাতিৰত বিভিন্ন ৰোগীৰ সংস্পৰ্শলৈ আহিছিল নাৰ্চগৰাকী । ইতিমধ্যে আক্ৰান্তৰ সংস্পৰ্শলৈ অহা ৰোগীসকলৰ তালিকা প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে চিকিৎসকে । উক্ত তালিকা প্ৰস্তুতৰ পিছত সকলো ৰোগীৰে ৰেপিড পৰীক্ষা কৰা হ’ব বুলি জানিবলৈ দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই । ৰঙিয়া মহকুমা প্ৰশাসনে ইতিমধ্যে আদৰ্শ চিকিৎসালয়খন কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰি ছীল কৰি দিয়াৰ লগতে ছেনিটাইজেচনৰো ব্যৱস্থা কৰে ৷

কৰ’ণাৰ হটস্পটলৈ পৰিণত ৰঙিয়াৰ শান্তিপুৰ

শুকুৰবাৰে ৰঙিয়াৰ শান্তিপুৰত 12 গৰাকী লোকৰ দেহত ধৰা পৰিছিল কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ উল্লেখ্য যে,হাপানী আৰু জ্বৰত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা এগৰাকী মহিলাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰা অন্যান্য লোকসকলৰ দেহত ধৰা পৰিছিল কোভিড 19 ৰ উপস্থিতি । ৰাইজৰ সন্দেহ অনুসৰি মৃত মহিলাগৰাকী আক্ৰান্ত হৈছিল কৰ’ণা ভাইৰাছত ৷ সম্প্ৰতি ৰঙিয়াৰ শান্তিপুৰ অঞ্চল কৰ’ণাৰ হটস্পটলৈ পৰিণত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে চিকিৎসকসকলে । ফলত কৰ’ণা ভাইৰাছৰ গণ সংক্ৰমণৰ দিশে অগ্ৰসৰ হৈছে কামৰূপ (গ্ৰাম্য)ৰ ৰঙিয়া মহকুমা ।

লগতে চাওকঃ কাৰ আশীৰ্বাদত নথি-পত্ৰ নোহোৱাকৈ কৰিমগঞ্জ চহৰৰ মাজেৰে পাৰ হৈ যায় শিল ভৰ্তি ট্ৰাক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.