বকো, ৭ জানুৱাৰীঃ বকোত SBI ৰ ATMত টকা ভৰাই থকাৰ সময়তেই সংঘটিত হয় এক ভয়ংকৰ ঘটনা । ঘটনাক কেন্দ্ৰ কৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় উপস্থিত ৰাইজৰ মাজত ।
বকো চহৰত নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ SBIৰ ATMৰ সন্মুখত সংঘটিত এই ঘটনাটি । জানিব পৰা মতে, SBI ৰ বেংকটোৰ SIS PROSEGURৰ নিৰাপত্তাৰক্ষী অসাৱধানতাৰ বাবেই ফুটিবলৈ পালে বন্দুকৰ গুলি । নিৰাপত্তাৰক্ষীৰ অসাৱধানতাৰ বাবেই সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। কিন্তু কথমপি ৰক্ষা পৰে ATMটোৰ বাহিৰত ৰৈ থকা বহুসংখ্যক গ্ৰাহক ৷ ঘটনা সংঘটিত হোৱাৰ পিছত ততাতৈয়াকৈ স্থান ত্যাগ কৰে SIS PROSEGURৰ নিৰাপত্তাৰক্ষীসকলে । উল্লেখ্য যে, উক্ত ঘটনাটি আৰক্ষীক অৱগত নকৰাকৈ SIS কৰ্মচাৰীয়ে স্থান ত্যাগ কৰা বুলি গুৰুতৰ অভিযোগ কৰিছে উপস্থিত ৰাইজে ।
লগতে পঢ়ক- অসম আৰক্ষীৰ শীৰ্ষ মহলত ব্যাপক সাল-সলনি