ETV Bharat / state

বকোত ৰাভা জনগোষ্ঠীয় কৃষ্টি নৃত্যৰ সাতদিনীয়া নৃত্য কৰ্মশালাৰ সফল সামৰণি

author img

By

Published : Oct 26, 2019, 9:15 PM IST

বকোত ৰাভা জনগোষ্ঠীয় কৃষ্টি খোকছি নৃত্য আৰু বগেজাৰী নৃত্যৰ সাতদিনীয়া নৃত্য কৰ্মশালাৰ আজি সামৰণি পৰে। ৰাভা নৃত্যৰ প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা ৷

বকোত ৰাভা জনগোষ্ঠীয় কৃষ্টি নৃত্যৰ সাতদিনীয়া নৃত্য কৰ্মশালাৰ সফল সামৰণি

কামৰূপ,26 অক্টোবৰঃ বকোত ৰাভা জনগোষ্ঠীয় কৃষ্টি খোকছি নৃত্য আৰু বগেজাৰী নৃত্যৰ সাতদিনীয়া নৃত্য কৰ্মশালাৰ শনিবাৰে সফল সামৰণি পৰে । অসম চৰকাৰৰ অধীনস্থ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ২০১৮-১৯ বৰ্ষৰ বিত্তীয় সাহায্যত সদৌ ৰাভা কৃষ্টি সন্মিলনৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ বকো সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত বকোৰ মৌমানত সাতদিনীয়া ৰাভা কৃষ্টিৰ খোকছি নৃত্য আৰু বগেজাৰী নৃত্যৰ প্ৰশিক্ষণ কৰ্মশালা যোৱা ১৯ অক্টোবৰত অনুষ্ঠিত কৰা হয়। বকো বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয় মৌমানত মাংগলিক নীতি নিয়মৰে আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলন কৰি কৰ্মশালাৰ শুভাৰম্ভ কৰিছিল ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যাক্ষ ৰমা কান্ত ৰাভাই । শনিবাৰে ৰাভা কৃষ্টিৰ নৃত্য প্ৰশিক্ষণ কৰ্মশালা সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। সামৰণি অনুষ্ঠানত পৌৰহিত্য কৰে সদৌ ৰাভা কৃষ্টি সন্মিলনৰ সভাপতি প্ৰকাশ ৰাভাই । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা। ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্যা জ্যোতিকা ৰাভা পৰিষদৰ অধ্যক্ষ চাৰুমোহন ৰাভাৰ লগতে পৰিষদখনৰ চৰকাৰী সচিব জুৰি গগৈ আদিয়ে অতিথিৰ আসন অলংকৃত কৰে ।

ৰাভা নৃত্যৰ প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই ৰাভা হাছং এলেকাখন সৰ্ব্বাংগ সুন্দৰ কৰি কৃষ্টি-সংস্কৃতিৰ সমাহাৰেৰে চহকী কৰিবলৈ আৰু উঠি অহা প্ৰজন্মক আকৃষ্ট কৰিবলৈ এই প্ৰচেষ্টা আদৰণীয় বুলি মন্তব্য আগবঢ়ায়। তেওঁ লগতে জনাই যে ২০১৮-২০১৯ বিত্তীয় বৰ্ষৰ পৰা ৰাভা হাছং স্বায়ত্তশাসিত এলেকাত থকা সকলো জাতি-জনগোষ্ঠীৰ যেনে বড়ো,হাজং,গাৰো,কোচ ৰাজবংশীৰ কৃষ্টি-সংস্কৃতি জীয়াই ৰাখিবলৈ আৰু উঠি অহা প্ৰজন্মক ইয়াৰ জ্ঞান দিবলৈ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব।

আৰু পঢ়ক দীঘলীপুখুৰী পাৰত প্ৰজ্বলিত হ'ল সৰ্ববৃহৎ মাটি চাকি

Intro:Body:বকোত ৰাভা জনগোষ্ঠীয় কৃষ্টি খোকছি নৃত্য আৰু বগেজাৰী নৃত্যৰ সাতদিনীয়া নৃত্য কৰ্মশালাৰ আজি সামৰণি পৰে। অসম চৰকাৰৰ অধীনস্থ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ২০১৮-১৯ বৰ্ষৰ বিত্তীয় সাহাৰ্য্যত সদৌ ৰাভা কৃষ্টি সন্মিলনৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ বকো সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত বকোৰ মৌমানত সাত দিনীয়া ৰাভা কৃষ্টিৰ খোকছি নৃত্য আৰু বগেজাৰী নৃত্যৰ প্ৰশিক্ষণ কৰ্মশালা যোৱা ১৯ অক্টোবৰত অনুষ্ঠিত কৰা হৈছিল। বকো বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয় মৌমানত মাংগলিক নীতি নিয়মৰে আনুষ্ঠানিক ভাৱে বন্তি প্ৰজ্বলন কৰি কৰ্মশালাৰ শুভাৰম্ভ কৰিছিল ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যাক্ষ ৰমা কান্ত ৰাভাই। আজি ৰাভা কৃষ্টিৰ নৃত্য প্ৰশিক্ষণ কৰ্মশালা সামৰণি অনুস্থান অনুষ্ঠিত হয়। সামৰণি অনুষ্ঠানত পৌৰহিত্য কৰে সদৌ ৰাভা কৃষ্টি সন্মিলনৰ সভাপতি প্ৰকাশ ৰাভাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা। ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ কাৰ্য্যবাহী সদস্যা জ্যোতিকা ৰাভা পৰিষদৰ অধ্যক্ষ চাৰুমোহন ৰাভাৰ লগতে পৰিষদ খনৰ চৰকাৰী সচিব জুৰি গগৈ আদিয়ে অতিথিৰ আসন অলংকৃত কৰে।

ৰাভা নৃত্যৰ প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই ৰাভা হাছং এলেকাখন সৰ্ব্বাংগসুন্দৰ কৰি কৃষ্টি সংস্কৃতিৰ সমাহাৰেৰে চহকী কৰিবলৈ আৰু উঠি অহা প্ৰজম্নক আকৃষ্ট কৰিবলৈ এই প্ৰচেষ্টা বুলি মন্তব্য আগবঢ়ায়। তেওঁ লগতে জনাই যে ২০১৮-২০১৯ বিত্তীয় বৰ্ষৰ পৰা ৰাভা হাছং স্বায়ত্তশাসিত এলেকাত থকা সকলো জাতি জনগোষ্ঠীৰ যেনে বড়ো, হাজং, গাৰো, কোচ ৰাজবংশীৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবলৈ আৰু উঠি অহা প্ৰজম্নক ইয়াৰ জ্ঞান দিবলৈ প্ৰশিক্ষণ প্ৰদান কৰা হব। Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.