ETV Bharat / state

মহানগৰীৰ সাতগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড

author img

By

Published : Sep 25, 2021, 9:25 PM IST

কিমান নৃশংস আৰু নিষ্ঠুৰ হলে এগৰাকী জন্মদাতা পিতৃয়ে হত্যা কৰিব পাৰে নিজ পুত্ৰক ? আজীৱন দুয়ো দুয়োৰে জীৱন লগৰী হোৱাৰ প্ৰতিশ্ৰুতিৰে বিবাহ পাশত আবদ্ধ হোৱা পত্নীক হত্যা কৰিব পাৰে তেওঁৰ স্বামীদেৱতাই ? এনে এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ সাতগাওঁ অঞ্চলত ৷

sensational-murder-case-in-satgaon-of-guwahati-city
মহানগৰীৰ সাতগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড

গুৱাহাটী,25 ছেপ্টেম্বৰ: শনিবাৰে পুৱতি নিশা গুৱাহাটীৰ সাতগাঁও অঞ্চলত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ ছয় বছৰীয়া পুত্ৰক হত্যা কৰাৰ লগতে নিজ পত্নীক হত্যাৰ চেষ্টা চলাই অৱশেষত চিপ লৈ আত্মহত্যা কৰিছে সাতগাঁও থানাৰ গাতে লাগি থকা 19 নং বাসভৱনৰ বাসিন্দা ভবেশ শৰ্মাই ৷ আৰ্থিক দৈন্যতাৰ বাবেই লোকজনে এনেধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

প্ৰাপ্ত খবৰ মতে, লোকজনৰ ছুৰীৰ আঘাতত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত পত্নী হিমাদ্ৰী শৰ্মা সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(GMCH)ত জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে বাসিন্দা ভবেশ শৰ্মাই সাতগাঁও ৰেল লাইনৰ সমীপত নুৰ হোমিও ফাৰ্মাচী খুলি তিনি জনীয়া পৰিয়ালটোক পোহপাল দি আছিল ৷ কিন্তু কৰ'ণাসৃষ্ট পৰিস্থিতিৰ বাবে চৰকাৰে ঘোষণা কৰা লক ডাউনৰ ফলত ভবেশ শৰ্মাৰ ব্যৱসায় বাণিজ্য যথেষ্ট লোকচানৰ সন্মুখীন হয় ৷

মহানগৰীৰ সাতগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড

আৰ্থিক অনাটনৰ দূৰ কৰিবলৈ তেওঁ বিভিন্ন লোকৰ পৰা বহু টকা ধাৰ লব লগা হয় ৷ কিন্তু সময়মতে ধাৰ পৰিশোধ কৰিব নোৱাৰি শেহতীয়াকৈ মানসিক ভাৱে অশান্তিত ভুগি আছিল ভবেশ শৰ্মা ৷

উল্লেখ্য যে, শনিবাৰে পুৱাৰ ভাগত বহু পলমকৈ শৰ্মাৰ পৰিয়ালটো ঘৰৰ পৰা ওলাই নহা দেখি ঘৰৰ গৰাকী ৰাতুল বৰদলৈয়ে শৰ্মাৰ ঘৰলৈ গৈ দুৱাৰ খোলা দেখা পাই ভিতৰত প্ৰৱেশ কৰি ভবেশ শৰ্মাৰ মৃতদেহটো ওলমি থকা দেখা পায় ৷ ততাতৈয়াকৈ ঘৰৰ গৰাকীয়ে ঘটনা সন্দৰ্ভত স্থানীয় সাতগাঁও আৰক্ষী থানাত খবৰ দিয়ে ৷ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ছয় বছৰীয়া পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে 35 বছৰীয়া পত্নী হিমাদ্ৰী শৰ্মাক ডিঙি কটা মূমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি GMCH লৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়কঃ গৰুখুটি উচ্ছেদক সাম্প্ৰদায়িক ৰূপ দিবলৈ বিচৰা হৈছে: মুখ্যমন্ত্ৰী

আনহাতে ওচৰৰ কোঠালীৰ ফেনত ওলমি থকা ভবেশ শৰ্মাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে GMCH লৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, মৃত ভবেশ শৰ্মাই শুকুৰবাৰে নিশা ছয় বছৰীয়া পুত্ৰ পৰাগ শৰ্মাক ডিঙি চেপি হত্যা কৰি পত্নীক চুৰীৰে ডিঙি ৰেপি বিচনাত শুৱাই দিয়ে ৷ পত্নী আৰু পুত্ৰৰ মৃত্যু হোৱা বুলি সন্দেহ কৰি ভৱেশ শৰ্মাই ফেনত ৰচীৰে চিপ লৈ আত্মহত্যা কৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি চৰজমিন তদন্ত আৰম্ভ কৰিছে ৷ আৰ্থিক দৈন্যতাৰ বাবে এনে এক হৃদয়বিদাৰক ঘটনা সংঘটিত হোৱা বুলি বহু লোকে কব বিচাৰিছে যদিও এই ঘটনাৰ প্ৰকৃত কাৰণ এতিয়ালৈ উদঘাটন হোৱা নাই ৷ আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত কাৰণ ৷

লগতে পঢ়কঃ প্ৰথমবাৰৰ বাবে কংগ্ৰেছ শূন্য তিনিচুকীয়াত APCCৰ সভাপতি ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.