গুৱাহাটী,16মে': নিৰাপত্তাৰ ক্ষেত্ৰত কিমান গুৰুত্ব প্ৰদান কৰে আৰক্ষী তথা প্ৰশাসনে। যোৱা কিছুদিন পূৰ্বেও মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে উল্লেখ কৰিছিল যে মহানগৰীত থকা চিচি টিভি কেমেৰা পৰ্যাপ্ত নহয়। কিন্তু যিকেইটা আছে সেইকেইটাৰ আধা সংখ্যকেই বিকল। যাৰ পৰিণতিত কূটাঘাতকাৰীয়ে নিৰ্বিঘ্নে কূটাঘাটমূলক ঘটনা সংঘটিত কৰি পলাই সাৰিব পাৰে। ইপিনে বুধবাৰে মহানগৰীৰ জুৰোডৰ বিস্ফোৰণৰ ঘটনাৰ পাচতেই কামাখ্যা ৰে'লৱে ষ্টেচনত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। প্ৰতিজন যাত্ৰীকে তন্ন তন্নকৈ তালাচী চলাইছে ৰে'ল আৰক্ষীয়ে। কিন্তু ৰে'ল ষ্টেচনটোত থকা চিচি টিভি কেমেৰা এতিয়াও কেৱল নামতহে আছে । ষ্টেচনটোৰ কেইবাস্থানটো বিকল চিচি টিভি কেমেৰা ৷ যাৰাবাবে একাংশ সচেতন ৰাইজে সাধাৰণ লোকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান জনায়।
জুৰোডৰ বিস্ফোৰণৰ পাচত কামাখ্যা ৰে'লৱে ষ্টেচনত বৃদ্ধি কৰা হ'ল নিৰাপত্তা ব্যৱস্থা
বুধবাৰে সন্ধিয়া মহানগৰীৰ জুৰোডৰ বিস্ফোৰণৰ পাচতে তৎপৰ হৈ পৰিছে মহানগৰ আৰক্ষী ৷ বৃহস্পতিবাৰে কামাখ্যা ৰে'লৱে ষ্টেচনত বৃদ্ধি কৰা হ'ল নিৰাপত্তা ব্যৱস্থা ৷