ETV Bharat / state

বকোৰ লামপাৰাত বিজ্ঞান সমাৰোহ

author img

By

Published : Jan 22, 2021, 4:10 PM IST

বনগাঁও আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বকোৰ লামপাৰাত বিজ্ঞান সমাৰোহৰ আয়োজন ৷ লামপাৰা আঞ্চলিক হাইস্কুলত অনুষ্ঠিত হয় বিজ্ঞান সমাৰোহ ৷ প্ৰতিযোগিতাত প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ ৷ প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত সকলক প্ৰাইজমানি আৰু মানপত্ৰ প্ৰদান ৷

science conference organized at lampara in boko
বকোৰ লামপাৰাত বিজ্ঞান সমাৰোহ

বকো, 22 জানুৱাৰী: অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ দ্বাৰা স্থাপিত বনগাঁও আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত সোমবাৰে এখন বিজ্ঞান সমাৰোহ অনুষ্ঠিত হয় ৷ বকোৰ লামপাৰাত অনুষ্ঠিত এই বিজ্ঞান সমাৰোহত বনগাঁও ব্লকৰ অন্তৰ্গত মুঠ 12 খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

প্ৰতিযোগিতাত প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে

লামপাৰা আঞ্চলিক হাইস্কুলত অনুষ্ঠিত উক্ত সমাৰোহত ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিজ্ঞানৰ মডেল প্ৰস্তুতকৰণ, বিজ্ঞানভিত্তিক বেনাৰ অংকন প্ৰতিযোগিতাৰ লগতে বিজ্ঞানভিত্তিক আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰো আয়োজন কৰা হয় ৷

জানিব পৰা মতে প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে উক্ত সমাৰোহত অংশগ্ৰহণ কৰে ৷ প্ৰতিযোগিতাত অংশ লৈ ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰী সকলক প্ৰাইজমানি আৰু মানপত্ৰ প্ৰদান কৰাৰ লগতে উদগনিমূলক বঁটা প্ৰদান কৰা হয় ৷

উল্লেখ্য যে প্ৰতিটো প্ৰতিযোগিতাত অংশ লৈ প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হোৱা প্ৰতিযোগী সকলক আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত কৰা হয় ৷

লগতে পঢ়ক:বকোত খেতিপথাৰ তহিলং কৰিলে এজাক বন্য়হস্তীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.