ৰঙিয়া,30 জুন: ৰঙিয়াৰ এটি কণমানি শিশুক সহায়ৰ প্ৰয়োজন । দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰা ৰঙিয়াৰ ২নং তুলসীবাৰীৰ ৰফিকুল আলীৰ চাৰি বছৰীয়া কন্যা ৰূপচানা বেগমে এক জটিল ৰোগত আক্ৰান্ত হোৱাত এতিয়া অজান আশংকাত ভুগিব লগা হৈছে পৰিয়ালটো । উপযুক্ত চিকিৎসাৰ অভাৱত জীৱন-মৃত্যুৰ সৈতে যুঁজিব লগীয়া হৈছে কণমানি শিশুটোৱে ৷ জন্মৰ পাচতে দুখীয়া পৰিয়ালটোৱে খেতিৰ মাটি, হালৰ গৰু বিক্ৰী কৰি কণমানি শিশুটিৰ অস্ত্ৰোপচাৰ কৰিছিল। প্ৰথম অস্ত্ৰোপচাৰ কৰাৰ পাচত আৰু দুটা অস্ত্ৰোপচাৰ কৰিলে সম্পূৰ্ণ সুস্থ হৈ উঠিব ৰূপচানা। কিন্তু সন্তানৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত হোৱা পৰিয়ালটো বৰ্তমান ধনৰ অভাৱত উন্নত চিকিৎসা কৰিবলৈ অপাৰগ। কণমানি শিশুটিক সুস্থ কৰি তুলিবলৈ প্ৰয়োজন বৃহৎ পৰিমাণৰ টকা । আৰু এই বৃহৎ পৰিমাণৰ টকা যোগাৰ কৰিবলৈ সম্পূৰ্ণৰূপে অসমৰ্থ পৰিয়ালবৰ্গ। সেয়েহে শিশুটিৰ উপযুক্ত চিকিৎসাৰ বাবে চৰকাৰৰক সহায় কৰিবলৈ কাতৰ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে। লগতে শিশুটিক সুস্থ কৰি তুলিবলৈ সুহৃদ ব্যক্তি অথবা দল-সংগঠনে চিকিৎসাৰ বাবে সাহাৰ্য আগবঢ়াব বিছাৰিলে 6001378377 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পৰিয়ালটোৱে। নাইবা অসম গ্ৰামীণ বিকাশ বেংকৰ দ্বাৰকুছি শাখাৰ 7283026020446 নম্বৰৰ একাউন্টত অনুদান আগবঢ়াব পাৰিব বুলিও জানিবলৈ দিয়ে পৰিয়ালৰ লোকে।
ৰূপচানাক আপোনাৰ সহায়ৰ প্ৰয়োজন
সন্তানৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত হোৱা পৰিয়ালটো বৰ্তমান ধনৰ অভাৱত উন্নত চিকিৎসা কৰিবলৈ অপাৰগ । সেয়েহে শিশুটিৰ উপযুক্ত চিকিৎসাৰ বাবে চৰকাৰৰক সহায় কৰিবলৈ কাতৰ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে ।
ৰঙিয়া,30 জুন: ৰঙিয়াৰ এটি কণমানি শিশুক সহায়ৰ প্ৰয়োজন । দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰা ৰঙিয়াৰ ২নং তুলসীবাৰীৰ ৰফিকুল আলীৰ চাৰি বছৰীয়া কন্যা ৰূপচানা বেগমে এক জটিল ৰোগত আক্ৰান্ত হোৱাত এতিয়া অজান আশংকাত ভুগিব লগা হৈছে পৰিয়ালটো । উপযুক্ত চিকিৎসাৰ অভাৱত জীৱন-মৃত্যুৰ সৈতে যুঁজিব লগীয়া হৈছে কণমানি শিশুটোৱে ৷ জন্মৰ পাচতে দুখীয়া পৰিয়ালটোৱে খেতিৰ মাটি, হালৰ গৰু বিক্ৰী কৰি কণমানি শিশুটিৰ অস্ত্ৰোপচাৰ কৰিছিল। প্ৰথম অস্ত্ৰোপচাৰ কৰাৰ পাচত আৰু দুটা অস্ত্ৰোপচাৰ কৰিলে সম্পূৰ্ণ সুস্থ হৈ উঠিব ৰূপচানা। কিন্তু সন্তানৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত হোৱা পৰিয়ালটো বৰ্তমান ধনৰ অভাৱত উন্নত চিকিৎসা কৰিবলৈ অপাৰগ। কণমানি শিশুটিক সুস্থ কৰি তুলিবলৈ প্ৰয়োজন বৃহৎ পৰিমাণৰ টকা । আৰু এই বৃহৎ পৰিমাণৰ টকা যোগাৰ কৰিবলৈ সম্পূৰ্ণৰূপে অসমৰ্থ পৰিয়ালবৰ্গ। সেয়েহে শিশুটিৰ উপযুক্ত চিকিৎসাৰ বাবে চৰকাৰৰক সহায় কৰিবলৈ কাতৰ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে। লগতে শিশুটিক সুস্থ কৰি তুলিবলৈ সুহৃদ ব্যক্তি অথবা দল-সংগঠনে চিকিৎসাৰ বাবে সাহাৰ্য আগবঢ়াব বিছাৰিলে 6001378377 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পৰিয়ালটোৱে। নাইবা অসম গ্ৰামীণ বিকাশ বেংকৰ দ্বাৰকুছি শাখাৰ 7283026020446 নম্বৰৰ একাউন্টত অনুদান আগবঢ়াব পাৰিব বুলিও জানিবলৈ দিয়ে পৰিয়ালৰ লোকে।
BITE : মাতৃConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা