আজাৰা, 4 নৱেম্বৰ : দক্ষিণ কামৰূপৰ বাটৰহাটস্থিত জিলা বিজেপিৰ মুখ্য কাৰ্য্যলয়ত বুধবাৰে আয়োজন কৰা হয় এক সংবাদমেলৰ । ৰিপাব্লিল টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ প্ৰদেশৰ উদ্যোগত অনুষ্ঠিত হয় এই সংবাদমেল । সংবাদ মেলত অংশ লয় অসম বিজেপিৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামী আৰু বিজেপি নেতা অনুপ মেধিয়ে । অসম সন্তান তথা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰ গণতন্ত্ৰৰ বাবে চূড়ান্ত অপমান বুলি মন্তব্য কৰে ৰূপম গোস্বামীয়ে । কংগ্ৰেছ তথা মহাৰাষ্ট্ৰ চৰকাৰক কথোৰ ভাষাৰে সমালোচনা কৰে অসম ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে । লগতে অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাকো সমালোচনা কৰে ৰূপম গোস্বামীয়ে ।
উল্লেখ্য যে, বুধবাৰে পুৱা মহাৰাষ্ট্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সাংবাদিক তথা ব্যক্তিগত ৰাষ্ট্ৰীয় বৈদ্যুতিন সংবাদ মাধ্যম ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক ।
লগতে পঢ়ক : নিজ সমষ্টিতে জ্বলিল বিধায়ক নুৰুল হুদাৰ প্ৰতিকৃতি