ETV Bharat / state

ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতিৰ ঘটনা - Robbery at Rangia

চালকক নিচাজাতীয় দ্ৰব্য খোৱাই মোবাইল ফোন,মানি বেগ,কাপোৰ কানিৰ লগতে গাড়ীখনো লৈ যায় দুই দুৰ্বৃত্তই ৷

ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতিৰ ঘটনা
author img

By

Published : Sep 25, 2019, 3:34 AM IST

Updated : Sep 25, 2019, 8:52 AM IST

ৰঙিয়া, 25 ছেপ্টেম্বৰ: ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা সংঘটিত হয় এক ডকাইতিৰ ঘটনা ৷ পশ্চিম বংগৰ পৰা অহা মাৰুতি ভেনৰ চালকক নিচাজাতীয় দ্ৰব্য খুৱাই আক্ৰমণ কৰিলে দুজনীয়া দুৰ্বৃত্তৰ দলে ৷ ঘটনা অনুসৰি পশ্চিমবংগৰ পৰা গুৱাহাটীলৈ লৈ মাৰুতি ভেনখন ভাড়াত আনিছিল দুজন লোকে ৷ যাত্ৰা পথত চালক ৰফিকুল হকক অতি কৌশলেৰে নিচাজাতীয় দ্ৰব্য খুৱাই আক্ৰমণ কৰে দুই দুৰ্বৃত্তই ৷ ইয়াৰ পিছতে চালকজন অচেতন হৈ পৰাত তেওঁৰ পৰা মোবাইল ফোন,মানি বেগ,কাপোৰ কানি সকলো কাঢ়ি গাড়ীখনো লৈ যায় দুই দুৰ্বৃত্তই ৷ ইয়াৰ পাছতে চচাইটিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গাড়ী চালকজনক পেলাই থৈ যায় অপৰাধী চক্ৰটোৱে ৷ আনহাতে মাৰুতি ভেনখন লৈ গুৱাহাটী অভিমুখে পলাই যায় অপৰাধী কেইজন ৷

ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতিৰ ঘটনা

পিছত ৰাইজৰ সহযোগত আৰক্ষীয়ে আহত চালকজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰাই ৷ এই ঘটনাত আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ৷ সততে ৰাষ্ট্ৰীয় ঘাইপথ ঘটি থকা এনে ঘটনাই উদ্বিগ্ন কৰি তুলিছে ৰাইজক ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

Intro:গাড়ীৰ লগতে কাপোৰ-কানিও ডকাইতি কৰি ৰষ্ট্ৰীয় ঘাইপথৰ কাষত পেলাই থৈ গ'ল পশ্চিম বংগৰ গাড়ী চালকক।Body:ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা ডকাইতি সংঘটিত হ'ল। পশ্চিম বংগৰ পৰা অহা মাৰুতি ভেনৰ চালকক নিচাজাতীয় দ্ৰব্য খুৱাই আক্ৰমণ কৰিলে দুজনীয়া দুৰ্বৃত্তৰ দলে। ঘটনা অনুসৰি পশ্চিম বংগৰ পৰা গুৱাহাটীলৈ লৈ মাৰুতি ভেনখন ভাড়াত আনিছিল দুজন লোকে। যাত্ৰা পথত চালক ৰফিকুল হকক অতি কৌশলেৰে নিচাজাতীয় দ্ৰব্য খুৱাই দুই দুৰ্বৃত্তই আক্ৰমণ কৰিছিল। ইয়াৰ পিছতে চালকজনৰ পৰা মোবাইল ফোন, মানি বেগ, কাপোৰ কানি সকলো কাঢ়ি গাড়ীখনো লৈ যায়। যাওঁতে অপৰাধী চক্ৰটোৱে গাড়ী চালকজনক চোচাইটিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পেলাই থৈ যায়। ইফালে মাৰুতি ভেন লৈ গুৱাহাটী অভিমুখে অপৰাধী কেইজন । পিছত ৰাইজৰ সহযোগত আৰক্ষীয়ে আহত চালকজনক উদ্ধাৰ কৰি ভৰ্তি কৰালে চিকিৎসালয়ত । এই ঘটনাত আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে । সততে ৰাষ্ট্ৰীয় ঘাইপথ ঘটি থকা এনে ঘটনাই ৰাইজক উদ্বিগ্ন কৰি তুলিছে।Conclusion:বন্দনা শৰ্মা, ৰঙিয়া
Last Updated : Sep 25, 2019, 8:52 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.