ৰঙিয়া, 20 আগষ্টঃ ৰঙিয়াৰ বগৰীবাৰী মথাউৰি ছিঙাৰ ডেৰ মাহ পাৰ হ'ল যদিও এতিয়াও এককাল পানীত ডুবি আছে ধেপাৰগাঁও । এই অঞ্চলটোৰ ৰঙিয়া-গোৰেশ্বৰ সংযোগী গড়কাপ্তানী পথটো এতিয়াও পানীৰ তলতেই আছে । যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ আছে এই পথটোত ।
বানৰ প্ৰবল সোঁতত ঠায়ে ঠায়ে ছিঙি গৈছে পথটো । কিন্তু যাতায়তৰ বাবে উপায়বিহীন ৰাইজে গড়কাপ্তানী পথৰ ওপৰতেই নিৰ্মাণ কৰি লৈছে বাহৰ সাঁকো । মৰণক শৰণ কৰি বাঁহৰ সাকোৰ ওপৰেৰে বিপদ সংকুল যাতায়ত কৰিবলৈ বাধ্য গাঁওবাসী। ৰোগীক চিকিৎসালয়লৈ নিবলৈ হলে কান্ধত ভাৰ বান্ধি ৮/১০ কিলোমিটাৰ যাত্ৰা কৰিছে বানাক্ৰান্তই । কিছুদিন পূৰ্বে এগৰাকী গৰ্ভৱতী মহিলাই চিকিৎসালয়লৈ নিয়াৰ পথত বানৰ মাজতেই প্ৰসৱ কৰিছিল সন্তানক । পথৰ দুৰৱস্থাৰ বাবে প্ৰশাসন তথা চৰকাৰৰ ওচৰত ৰাইজে কাতৰ আহ্বান জনাইছে যাতে যাতায়ত কৰাৰ বাবে অন্ততঃ এখন নাওঁৰ ব্যৱস্থা কৰি দিয়ে বানাক্ৰান্ত সকলক ৷
লগতে পঢ়কঃ পাঁচমাহৰ অন্তত খুলিল অসমৰ সৰ্ববৃহৎ খাৰুপেটীয়া বালুগাঁও সাপ্তাহিক বজাৰ