ETV Bharat / state

শিশুক কোলাত লৈ পথ নিৰ্মাণৰ বাবে ওলাই আহিল মহিলা

স্বাধীনতাৰ ৭৩ বছৰ পিছতো অনগ্ৰসৰ এই অঞ্চলটোৰ গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণ নোহোৱাত জনতাই যাতায়তৰ নামত বছৰ বছৰ ধৰি যমৰ যাতনা ভুগি আহিছে।

author img

By

Published : Oct 10, 2020, 11:14 AM IST

Updated : Oct 10, 2020, 12:03 PM IST

road construction women at rangia
শিশুক কোলাত লৈ পথ নিৰ্মাণৰ বাবে ওলাই আহিল মহিলা

ৰঙিয়া,10 অক্টোবৰঃ চৰকাৰী পথ মেৰামতি কৰিছে ৰঙিয়াৰ গড়কা গাঁৱৰ মহিলা সকলে। অঞ্চলটোৰ ৰাইজে গাঠিৰ ধন ভাঙি পথ মেৰামতিত লাগিছে । শিশু, মহিলা, বৃদ্ধ সকলোৱে লগ লাগি পথটো সম্পূৰ্ণ কৰিবলৈ চলাইছে জোৰদাৰ চেষ্টা । পথৰ মাজত থকা পুখুৰী সদৃশ গাঁতবোৰ ভঙা-ইটা, চেণ্ট-গেভেল আদিৰে পুতি পথটো কোনোমতে যাতায়তৰ উপযোগী কৰি তুলিছে।

উল্লেখ্য যে, এই পথটোৰে গড়কা গাঁৱৰ ৰাইজে দৈনিক অহা-যোৱা কৰে। কিন্তু স্বাধীনতাৰ ৭৩ বছৰ পিছতো অনগ্ৰসৰ এই অঞ্চলটোৰ গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণ নোহোৱাত জনতাই যাতায়তৰ নামত বছৰ বছৰ ধৰি যমৰ যাতনা ভুগি আহিছে। বিশেষকৈ ছাত্র-ছাত্ৰী সকলৰ লগতে বৃদ্ধ আৰু মহিলাই এই পথটোত বোকা-পানী গছকি অতি কষ্টেৰে অহা-যোৱা কৰি আহিছে। পথটোত থকা প্ৰকাণ্ড গাঁতসমূহ এজাক বৰষুণতে পুখুৰী সদৃশ হৈ পৰা বাবে বহু দুৰ্ঘটনাও সংঘটিত হৈছে।

ইফালে জৰুৰীকালীন সময়ত জৰাজীৰ্ণ ৰাস্তাটোৰ বাবে বৃহত্তৰ অঞ্চলটোলৈ এম্বুলেঞ্চ অথবা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী যাব নোৱৰাত আন এক সমস্যাৰ সন্মুখীন হৈ আহিছে ৰাইজ । শোচনীয় পথটো মেৰামতিৰ বাবে চৰকাৰক গঞাই বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো চৰকাৰে কোনো কানসাৰ নিদিয়াৰ অভিযোগ। ৰাইজৰ এই জ্বলন্ত সমস্যাক গুৰুত্ব দি অতি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ ক্ষুব্ধ লোকসকলে জনালে দাবী ।

লগতে পঢ়কঃ শিলচৰত বেতনৰ দাবীৰে এছ এল আৰ এম কৰ্মচাৰীৰ প্ৰতিবাদ

Last Updated : Oct 10, 2020, 12:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.