ETV Bharat / state

এসময়ত ইয়াত এখন গাঁও আছিল, ক'লৈ গ'ল মানুহবোৰ ?

Flood affected jonai : চাৰি মাহ পূৰ্বেই বানত বিধ্বস্ত হৈছিল এখন গাঁও । এতিয়াও চাৰিওফালে মাথোঁ বালি আৰু পলস ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Flood affected jonai
জোনাইৰ এখন গাঁৱত নিমাওমাও পৰিৱেশ (ETV Bharat Assam)

জোনাই: ইয়াত এখন গাঁও আছিল ! নদন-বদন আছিল খেতিপথাৰ । হাঁহি স্ফূৰ্তিৰে বসবাস কৰি আছিল পঞ্চাশটা পৰিয়ালে । কিন্তু নদন-বদন খেতিপথাৰ আৰু হাঁহি ধেমালিৰে দিন কটোৱা গাঁওখনত আজি নিমাওমাও পৰিৱেশ । এই ঠাই এতিয়া মাথোঁ এক বিস্তীৰ্ণ জনশূন্য অঞ্চল ! চাৰিওফালে মাথোঁ বালি আৰু পলসে ভৰা ওখ ঠাই । নিজৰ ঘৰখনেই বিচাৰি নোপোৱা হৈছে অসহায় লোকে ।

এইসকল গঁঞা আজি আদৰ্শ সাহাৰ্য শিবিৰৰ বাসিন্দা । এই গাঁওখনত নাই কোনো মানুহ, নাই সেই সেউজীয়া ধাননি পথাৰ । ঘৰবোৰ আছে ! কিন্তু জৰা-জীৰ্ণ কাঠ-বাঁহৰ জকাটোহে । এই ঘৰবোৰ এতিয়া মাথোঁ ধ্বংসস্তূপৰ সাক্ষী হৈ ৰৈছে । যেন বৰ ভুঁইকপে খুন্দিয়াই থৈ যোৱা অঞ্চল । কিন্তু ইমানেই নহয় ।

  • ধ্বংসস্তুপত পৰিণত এখন গাঁও

এই দৃশ্য জোনাইৰ অসম-অৰুণাচল সীমান্তত থকা শিৱগুৰি গাঁৱৰ । ধেমাজি জিলাৰ জোনাইৰ এখন জনবসতিপূৰ্ণ গাঁও সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে ৷ এসময়ত মানুহেৰে পৰিপূৰ্ণ তথা খেতিপথাৰ নদন-বদন হৈ থকা গাঁওখনে এতিয়া পৰিণত হ’ল ধ্বংসস্তুপত ৷

হয়, জোনাই সমজিলাৰ অন্তৰ্গত নদীদ্বীপ ওপৰ কবু চাপৰিৰ শিৱগুৰি গাঁৱৰ সমগ্ৰ অঞ্চলটো তচনচ কৰিলে চিয়াং,দিবাং আৰু দতুং নদীৰ ভয়ংকৰ বান আৰু খহনীয়াই ৷ বান আৰু খহনীয়াত সৰ্বস্বান্ত গাঁওখনৰ ৫০ টা পৰিয়ালৰ ঘৰবাৰী, কৃষিভূমি সকলো ভয়ংকৰ বানে বালি-পলসেৰে পুতি পেলোৱাত এতিয়া গাঁওখনৰ কেউপিনে বিৰাজ কৰিছে মৰিশালি সদৃশ পৰিৱেশে ৷

চাৰিমাহ পূৰ্বে কালৰূপ ধাৰণ কৰা চিয়াং,দিবাং আৰু দতুং নদীৰ প্ৰলয়ংকৰি বানে শিৱগুৰি গাঁৱৰ ৫০ টা পৰিয়ালৰ ঘৰবাৰী, কৃষিভূমি বুৰাই পেলোৱাত বানাক্ৰান্ত ৰাইজক জোনাই মহকুমা প্ৰশাসনে উদ্ধাৰ কৰি জোনাই সদৰৰ এটা অস্থায়ী আশ্ৰয় শিবিৰত আশ্ৰয় প্ৰদান কৰিছে ।

  • ক'লৈ যাব ৫০টা পৰিয়াল?

বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বানাক্ৰান্ত ৰাইজে শিৱগুৰিলৈ গৈ বিচাৰি পোৱা নাই নিজৰ গাঁওখনৰ লগতে আপোন ঘৰখন ৷ কাৰণ কেউপিনে মাথোঁ ধ্বংসস্তূপ সদৃশ পৰিৱেশ ৷ কাৰোবাৰ ঘৰবাৰী পোত গ’ল বালি-পলসৰ তলত ৷ আন কাৰোবাৰ বিলীন হ’ল চিয়াং নদীৰ বকুত ৷ কাৰোবাৰ ঘৰৰ চোতালেৰে বৈ গৈছে নৈ ৷ চিয়াং, দিবাং আৰু দতুং নদীৰ প্ৰলয়ংকৰি বানত বিধ্বস্ত হ’ল তেওঁলোকৰ আপোন গাঁওখন ৷ বিলীন হৈ গ’ল বহু পৰিয়ালৰ আপোন ঘৰখন ৷

অকল বালি-পলসে নহয়, চিয়াং নদীৰ খহনীয়াত জাহ গ’ল বহু পৰিয়ালৰ ঘৰবাৰী-কৃষিভূমি ৷ এনে পৰিস্থিতিত দুৰ্ভগীয়া পৰিয়ালসমূহে আজি চাৰিমাহে কণ কণ শিশু সন্তান-পৰিয়ালক লৈ অনিশ্চয়তাৰে দিন কটাইছে জোনাই সদৰত প্ৰশাসনে স্থাপন কৰা এটা আদৰ্শ আশ্ৰয় শিবিৰত ৷

গাঁওখনৰ চৌদিশে এতিয়া মাথোঁ নিৰৱ-নিস্তব্ধতা ৷ যেন এখন মৰাশালিহে ৷ বিধ্বস্ত বাসগৃহসমূহে মাথো এতিয়া সোঁৱৰাইছে গাঁওখনৰ লোকসকলৰ শৈশৱ, হাঁহি-কান্দোনৰ স্মৃতিবোৰ ৷ কিছুমানৰ স্মৃতিবোৰো যেন বিলীন হ’ল গ’ল চিয়াং নদীৰ বুকুত ৷ জোনাইৰ শিৱগুৰিৰ এইসকল বানবিধ্বস্ত ৰাইজৰ এনে কৰুণ পৰিস্থিতিৰ পিচতো জোনাই সমজিলা প্ৰশাসন,বিধায়ক কিম্বা সাংসদ তথা জাতীয় সংগঠনসমূহে বানাক্ৰান্ত ৰাইজৰ পুনৰ সংস্থাপনত তৎপৰতা প্ৰদৰ্শন নকৰাত ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগীয়ে ।

আদৰ্শ আশ্ৰয় শিবিৰত হাহাকাৰ

উপায়হীন হৈ পৰিছে বানাক্ৰান্ত ৰাইজ ৷ আজি চাৰিমাহে বিভিন্ন সমস্যা তথা অনিশ্চয়তাৰে দিন অতিবাহিত কৰা শিৱগুৰি গাঁৱৰ ৫০ টা পৰিয়ালে শীঘ্ৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰি পৰিয়ালসমূহক উদ্ধাৰ কৰিবলৈ জোনাই সমজিলা প্ৰশাসন, স্থানীয় বিধায়ক, সাংসদক কাতৰ আহ্বান জনাইছে ।

লগতে পঢ়ক:আদৰ্শ বান শিবিৰত পুষ্টিহীনতাত ভুগিছে শিশু-মহিলাই; কেতিয়া আহিব ভাল দিন ?

বিলাসী হোটেলৰ সলনি সন্তানৰ জন্মদিন পালন কৰিলে আশ্ৰয় শিবিৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.