ৰঙিয়া , 22 চেপ্তেম্বৰঃ লাভ জেহাদৰ বিৰুদ্ধে দেওবাৰে ৰামসেনাই অৱৰোধ কৰিলে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ ৰঙিয়াৰ চোছাইটি চকত আজি আৱেলি পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাম সেনাই ৷ লাভ জেহাদ বন্ধ কৰক, হিন্দু ছোৱালীৰ ওপৰত চলা নিৰ্যাতন বন্ধ কৰক, বুঢ়া আৰক্ষী চকীৰ কাণ্ডৰ উচিত তদন্ত কৰক , বুঢ়া কাণ্ডৰ লাভ জেহাদকাৰীক ফাঁচি দিয়ক , ভাৰত মাতা কী জয় ,ৰাম সেনা জিন্দাবাদ আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলাৰ লগতে দৰঙৰ বুঢ়া আৰক্ষী চকীৰ আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাৰ নিলম্বন প্ৰত্যাহাৰৰো দাবী তোলে সংগঠনটোৱে ৷ পথ অৱৰোধৰ ফলত অসংখ্য যানবাহন আৱদ্ধ হৈ পৰে কিছু সময়ৰ বাবে ৷
ৰাষ্ট্ৰীয় ঘাইপথ আবদ্ধ কৰিলে ৰাম সেনাই - লাভ জেহাদৰ বিৰোধিতা
লাভ জেহাদৰ বিৰোধিতা তথা দৰঙৰ বুঢ়া আৰক্ষী চকীৰ আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাৰ নিলম্বন প্ৰত্যাহাৰৰ দাবী তুলি ৰঙিয়াত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে ৰাম সেনাই ৷ বহু সময় ধৰি আৱদ্ধ হৈ পৰে বহু যান-বাহন ৷