ETV Bharat / state

বকোৰ হেকেৰাত পথ দুৰ্ঘটনা

author img

By

Published : Mar 16, 2021, 6:12 PM IST

বকোৰ হেকেৰাত শোকাৱহ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ স্কুলীয়া ছাত্ৰ । নিহত ছাত্ৰ দুজন আব্দুল কায়ুম মাছুদ (১৪) আৰু মনোৱাৰ হুছেইন (১৫) ৷ নিহত ছাত্ৰ দুজন ১ নং মালিবাৰী পথাৰ গাঁৱৰ উছমান আলীৰ দুই সন্তান বুলি জানিব পৰা গৈছে ।

বকোৰ হেকেৰাত পথ দুৰ্ঘটনা
বকোৰ হেকেৰাত পথ দুৰ্ঘটনা

বকো,16 মাৰ্চ: বকোৰ হেকেৰাত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত । এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ স্কুলীয়া ছাত্ৰ । নিহত ছাত্ৰ দুজন আব্দুল কায়ুম মাছুদ (১৪) আৰু মনোৱাৰ হুছেইন (১৫) ৷ প্ৰাপ্ত তথ্য অনুসৰি, নিহত ছাত্ৰ দুজন ১ নং মালিবাৰী পথাৰ গাঁৱৰ উছমান আলীৰ দুই পুত্ৰ বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, বিদ্যালয় ছুটিৰ পাছত তিনিজনকৈ স্কুলীয়া ছাত্ৰই দুচকীয়া বাহনেৰে ঘৰলৈ গৈ থকা অৱস্থাতে হেকেৰাত তীব্ৰেবগী অবৈধ বালি কঢ়িওৱা AS-01 MC-3502 নম্বৰৰ ডাম্পাৰখনে মহতিয়াই নিয়ে ৷ যাৰ ফলত থিতাতে দুই ভাতৃৰ মৃত্যু ঘটে ৷ ইফালে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় নাছিৰুদ্দিন নামৰ আন এজন ছাত্ৰ । তিনিওগৰাকী ছাত্ৰ নগৰবেৰাৰ দোকুচি আদৰ্শ বিদ্যালয়ৰ বুলি জানিব পৰা গৈছে ।

বকোৰ হেকেৰাত পথ দুৰ্ঘটনা
বকোৰ হেকেৰাত পথ দুৰ্ঘটনা

এই ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । উত্তেজিত ৰাইজে দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনৰ কিছু ক্ষতিসাধন কৰাৰ লগতে অৱৰোধ কৰে নগৰবেৰা-ধূপধৰা সংযোগী গড়কাপ্তানী পথচোৱা । অৱশেষত ঘটনাস্থলীত নগৰবেৰা ৰাজহ চক্ৰ বিষয়া আৰু আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: চক্ৰধৰ গগৈৰ প্ৰচাৰ সভাত থাকিব সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.