গুৱাহাটী, 29 এপ্ৰিলঃ বৰঝাৰৰ ভি আই পি চকৰ সমীপৰ গ্ৰীণলেণ্ড নাৰ্ছিং হোমৰ সন্মুখত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত নিহত হয় দক্ষিণ কামৰূপৰ কুকুৰমাৰৰ বিতোপন কলিতা নামৰ এজন কণমানি ছাত্ৰ ৷
AS-01-DY-4032 নম্বৰৰ ৰয়েল এণ্ডফিল্ড বাইক এখনে মহতিয়াই নিয়ে ছাত্ৰজনক ৷ আজাৰা যানবাহন আৰক্ষীয়ে ততাতৈয়াকৈ আহত ছাত্ৰজনক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰে যদিও ’এক্সচেল কেয়াৰ হাস্পতাল’ত মৃত্যু ঘটে বিতোপন কলিতাৰ । মিৰ্জাস্থিত কামৰূপ জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ আছিল বিতোপন কলিতা ।