ETV Bharat / state

কুকুৰমাৰাত ভয়াৱহ পথ দুৰ্ঘটনা: নিহত তিনিজন

author img

By

Published : Feb 11, 2021, 1:24 PM IST

কুকুৰমাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ ট্ৰাক আৰু মেজিকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় তিনিজনকৈ লোক ৷

কুকুৰমাৰাত ভয়াৱহ পথ দুৰ্ঘটনা: নিহত তিনিজন
কুকুৰমাৰাত ভয়াৱহ পথ দুৰ্ঘটনা: নিহত তিনিজন

ছয়গাঁও,11 ফেব্ৰুৱাৰী: দক্ষিণ কামৰূপৰ কুকুৰমাৰাত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ ট্ৰাক আৰু মেজিকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় তিনিজনকৈ লোক। জানিব পৰা মতে AS-01-C-1005 নম্বৰৰ এখন বালি কঢ়িওৱা ট্ৰাক আৰু AS-01-DC-5483 নম্বৰৰ টাটা মেজিকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাত মৃত্যু লোক কেইজন হ’ল হিতেশ কলিতা,প্ৰাণেশ্বৰ কলিতা আৰু অপূৰ্ব হীৰা ৷

পথ দুৰ্ঘনাটোত মেজিকখনত থকা তিনিজনকৈ লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে বালি কাঢ়িওৱা ট্ৰাকখনৰ চালকজন আৰু আন দুজন লোক গুৰুতৰ ভাৱে আহত হয় । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই কুকুৰমাৰা আৰু ছয়গাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত আহত নিহত লোকসকলক উদ্ধাৰ কৰে। আহত সকলক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: শিশু শ্ৰমিক উদ্ধাৰ অভিযানক লৈ খাৰুপেটিয়াত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.