ETV Bharat / state

বকোৰ পথ দুৰ্ঘটনাত নিহত দুগৰাকী মহিলা

দক্ষিণ কামৰূপ আৰু গোৱালপাৰা জিলাৰ মাজেৰে পাৰ হৈ যোৱা 17 নং ৰাষ্ট্ৰীয় ঘাইপথত লক্ ডাউন শিথিল কৰাৰ পাছতেই বৃদ্ধি পাইছে পথ দুৰ্ঘটনা ৷ শেহতীয়াকৈ এক শোকাৱহ পথ দুৰ্ঘটনাত দুগৰাকী মহিলাই প্ৰাণ হেৰুৱালগীয়া হয় ৷

author img

By

Published : Aug 26, 2020, 10:31 PM IST

Road Accident at 17 No. National Highway, Died 2

বকো, 26 আগষ্ট: 17 নং ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুৰ কিৰিলি । ৰাজ্য চৰকাৰে লক্ ডাউন শিথিল কৰাৰ পাছতেই 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা । আজি গধূলি বকোৰ বন্দাপাৰাত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । জানিব পৰা মতে, গোৱালপাৰা দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা টাটা ডি আই (AS 25EC 2142) এখনে পথৰ কাষেৰে খোজকাঢ়ি গৈ থকা মহিলা দুগৰাকীক মহতিয়াই থৈ যায় । লগে লগে স্থানীয় ৰাইজ আৰু বকো আৰক্ষীৰ তৎপৰতাত মহিলা দুগৰাকীক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।

মৃত্যুক সাৱটি লোৱা মহিলা দুগৰাকী বন্দাপাৰা গাৱঁৰ মাতৃ আৰু জীয়ৰী ক্ৰমে কামিনী মেধি (82 বছৰ) আৰু বিনা মেধি (60 বছৰ) বুলি জানিব পৰা গৈছে ।

17 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা, নিহত দুগৰাকী মহিলা

বিনা মেধিয়ে কিছুদিন পূৰ্বে এ এন এম নাৰ্চৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷ আনহাতে ঘটনা সংঘটিত কৰিয়ে গাড়ীখনে পলায়ন কৰে যদিও বকো আৰক্ষীয়ে গাড়ীখন জব্দ কৰি বকো থানালৈ লৈ আহে । এই ক্ষেত্ৰত চৰকাৰ আৰু পৰিবহণ বিভাগৰ অমনোযোগিতাৰ কথা উল্লেখ কৰিছে স্থানীয় ৰাইজে ।

দক্ষিণ কামৰূপ আৰু গোৱালপাৰা জিলাৰ মাজেৰে পাৰ হৈ যোৱা 17 নং ৰাষ্ট্ৰীয় ঘাইপথত লক্ ডাউন শিথিল কৰাৰ পাছত পথ দুৰ্ঘটনাত যিমান লোকে প্ৰাণ হেৰুৱালে, সিমান সংখ্যক লোকৰ মৃত্যু এই অঞ্চলটোত কৰ’ণা মহামাৰীৰ বাবেও হোৱা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে স্থানীয় ৰাইজে ।

লগতে চাওক-আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত 600 টা উইকেট দখল জেমছ এণ্ডাৰছনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.