ETV Bharat / state

উকিয়ামত দ্ৰ'ন, শ্ৰী আৰু ডিলমা নদী উৎসৱৰ প্ৰস্তুতি - দ্ৰ'ন

গুৱাহাটীৰ পৰা প্ৰায় ৭৫ কিলোমিটাৰ পশ্চিমে অৱস্থিত উকিয়াম অঞ্চলৰ ৩৫ খন গাঁৱৰ ৰাইজ, গাৰো জাতীয় পৰিষদৰ কামৰূপ জিলা কমিটি আৰু গাৰো জাতীয় বিভিন্ন সংগঠনৰ উদ্যোগত শুকুৰবাৰে উকিয়ামৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন সভা ৷

ছয়গাঁৱৰ উকিয়ামত নদী উৎসৱ অনুষ্ঠান
author img

By

Published : Oct 11, 2019, 9:18 PM IST

কামৰূপ, 11 অক্টোবৰঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ উকিয়ামত দ্ৰ'ন, শ্ৰী আৰু ডিলমা নদী উৎসৱ পালন কৰাৰ উদ্দেশ্যে আগত ৰাখি আগন্তুক দিনত অনুষ্ঠিত হ'ব লগা চতুৰ্থ বাৰ্ষিক এই নদী উৎসৱৰ মূল কমিটি শুকুৰবাৰে গঠন কৰে । বিগত ২০১৬ চনৰ পৰা আৰম্ভ হোৱা এই নদী উৎসৱৰ ফলত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ উকিয়াম গাঁৱলৈ দেশ বিদেশৰ পৰা পৰ্যটকৰ আগমন ঘটে । গুৱাহাটীৰ পৰা প্ৰায় ৭৫ কিলোমিটাৰ পশ্চিমে অৱস্থিত উকিয়াম অঞ্চলৰ ৩৫ খন গাঁৱৰ ৰাইজ, গাৰো জাতীয় পৰিষদৰ কামৰূপ জিলা কমিটি আৰু গাৰো জাতীয় বিভিন্ন সংগঠনৰ উদ্যোগত শুকুৰবাৰে উকিয়ামৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন সভা । সভাত ৰাইজৰ সন্মতি ক্ৰমে উৎসৱৰ সভাপতি হিচাপে বেৰিংটন মাৰাকক নিৰ্বাচিত কৰা হয় । উৎসৱৰ সম্পাদক হিচাপে চুনিত মাৰাকক নিৰ্বাচিত কৰা হয় ।

ছয়গাঁৱৰ উকিয়ামত নদী উৎসৱ অনুষ্ঠান

"দুঃসাহসিক ক্ৰীড়া, থলুৱা খাদ্য সম্ভাৰ প্ৰতিযোগিতা, জনজাতীয় সাজ পোচাক পৰিধান প্ৰতিযোগিতাই দ্ৰোণ, শ্ৰী আৰু ডিলমা নদী উৎসৱৰ মুখ্য আকৰ্ষণ হ'ব বুলি জানিবলৈ দিয়ে উৎসৱৰ সম্পাদক চুনিত মাৰাকে । লগতে তেওঁ কয় যে, এইবাৰ এই উৎসৱ যথেষ্ট বহল ভিত্তিত আয়োজন কৰা হ'ব । অসম মেঘালয় সীমান্তৱৰ্তী হোৱা হেতুকে মেঘালয় ৰাজ্যৰ পৰাও সহায় সহযোগিতাও কামনা কৰা বুলি জানিব দিয়ে । উল্লেখ্য যে, মেঘালয়ৰ ২৮ ৰাম্বৰায় জ্ৰিংগাম বিকাশ পৰিষদৰ (এম ডি চি) সদস্য বাজপ জে পিনগ্ৰ'পিক উৎসৱৰ পৃষ্ঠপোষক হিচাপে নিৰ্বাচিত কৰে ।

Intro:Body:

RIVER FESTIVAL

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.