ETV Bharat / state

Bhabesh Kalita: ৰাজনীতি কৰাৰ আগতে ৰাজনীতি শিকি ল’ব লাগে; অজাপক কটাক্ষ ভৱেশ কলিতাৰ

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 6:59 PM IST

সংবাদ মাধ্যমৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷ বিজেপি কাৰ্যালয়ত নিশাৰ 7 বজাৰ পাছৰ পৰা মহিলা যাব নোৱাৰিব বুলি ভ্ৰান্তি কংগ্ৰেছে সৃষ্টি কৰিছে বুলি মন্তব্য কলিতাৰ ৷

Bhabesh Kalita
Bhabesh Kalita

সংবাদ মাধ্যমৰ ওপৰত কিয় ক্ষোভ ভৱেশ কলিতাৰ

ৰঙিয়া, 29 আগষ্ট: ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বাৰণ মহিলা ৷ কোনো কাম নাথাকিলে নিশা 7 বজাৰ পাছত মহিলা যাব নোৱাৰিব বাজপেয়ী ভৱনলৈ ৷ সূত্ৰ অনুসৰি বিজেপিৰ ক’ৰ কমিটীয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ অৱশ্যে এই কথা ৰাজহুৱাভাৱে ঘোষণা কৰা নাই দলটোৱে ৷

উল্লেখ্য যে বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ অন্তৰংগ ফটো ভাইৰেল হোৱাৰ পাছতেই তেওঁ আত্মহত্যা কৰে ৷ ইয়াৰ পাছতেই ৰাজ্যৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে যে বিজেপিৰ কাৰ্যালয়তে এতিয়া সুৰক্ষিত নহয় মহিলা ৷ এই সিদ্ধান্তৰ পাছত তীব্ৰ সমালোচনাৰো সন্মুখীন হৈছে দলটো ৷

এই সন্দৰ্ভত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত ৰঙিয়াত তেওঁ সংবাদ মাধ্যমৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিল ৷ তেওঁ কয় যে দলৰ সভাপতিয়ে এই কথা কোৱা নাই ৷ দলটোক অনৰ্থক বদনাম কৰাৰ বাবে কিছুমান সংবাদ মাধ্যম লাগি আছে । এনেকুৱা মন্তব্যৰ পৰা বিৰত থাকিবলৈও সংবাদ মাধ্যমক আহ্বান জনাই কলিতাই ৷

তেওঁ আৰু কয়, ‘‘এয়া কংগ্ৰেছৰ সৃষ্টি ৷’’ যদি বিজেপিত যদি সুস্থ ৰাজনীতিৰ অভাৱ হৈছে তেন্তে সাংবাদিকক দেখুৱাই দিবলৈ আহ্বান জনায় ৷ ৰাজনীতিত গালি পৰা থাকেই বুলি উল্লেখ কৰি গালি পৰাকে ৰাজনীতি বুলি মন্তব্য কৰে ভৱেশ কলিতাই ৷

উল্লেখ্য যে ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ পাছতেই ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত চলা চাকৰিৰ বজৰৰো ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷ ইতিমধ্যেই চাকৰি প্ৰদানৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে বিজেপিৰ কেইবাগৰাকীও নেতা ৷ আনহাতে নাম সাঙুৰ খাইছে বহু জ্যেষ্ঠ বিজেপিৰ নেতাৰো ৷

2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দলটোত কেলেংকাৰী দাগ লগাত সংকট মৰিষণ কৰাৰ চেষ্টাত নামি পৰিছে বিজেপি ৷

জুবিন গাৰ্গে অসম জাতীয় পৰিষদৰ ওপৰত কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভৱেশ কলিতাই ৷ জুবিন গাৰ্গে দলটোক ‘ফটুৱা’ দল বুলি মন্তব্য কৰাৰ পাছতে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিছে একাংশ দল-সংগঠনে ।

জুবিন গাৰ্গক অসমৰ কোনো দল সংগঠনে অপমান কৰা বা তুচ্ছ তাচ্ছিল্য কৰা কাৰ্যক ধিক্কাৰ দিয়ে ভবেশ কলিতাই । তেওঁ কয় যে এগৰাকী শিল্পীক কিদৰে সন্মান কৰিব লাগে ৰাজনীতি কৰাৰ আগত শিকিব লাগে । লগতে সংবাদ মাধ্যমৰ আগত অজাপৰ নেতৃবৃন্দৰ প্ৰতি তীৰ্য‍ক মন্তব্য প্ৰকাশ কৰি বিজেপিৰ নেতাগৰাকীয়ে কয় যে ৰাজনীতি কৰাৰ আগতে ৰাজনীতি শিকি ল’ব লাগে ।

লগতে পঢ়ক: Zubeen Garg controversy; ৰাইজৰ হৈ কাম কৰিবলৈ আমাক কোনো ব্যক্তি বিশেষৰ চাৰ্টিফিকেট নালাগে : লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.