গুৱাহাটী,08 মাৰ্চ : নাৰেংগী-চন্দ্ৰপুৰ সংযোগী চাৰিলেনযুক্ত পথ নিৰ্মাণত গড়কাপ্তানী বিভাগৰ চৰম হেমাহি আৰু অদূৰদৰ্শিতা । বিভাগে পথ নিৰ্মাণ কৰিলে যদিও নিৰ্মাণ নকৰিলে নলা । এটা বিভাগৰ পৰা আন এটা বিভাগলৈ দায়িত্ব ঠেলি দোষ সামৰিছে বিভাগসমূহে । মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ বাবেহে পৌৰ নিগমে অস্থায়ী ভাৱে নিৰ্মাণ কৰি উলিয়াইছে নলা ।
গড়কাপ্তানী বিভাগৰ চৰম হেমাহি আৰু অদূৰদৰ্শিতাৰ বাবে যাতনা ভোগ কৰিব লগা হৈছে মহানগৰীৰ নাৰেংগীৰ জনসাধাৰণে৷ বিভাগটোৱে নাৰেংগী চন্দ্ৰপুৰ সংযোগী চাৰিলেনযুক্ত পথটো নিৰ্মাণ কৰিলে যদিও নিৰ্মাণ নকৰিলে নলা ৷ এজাক বৰষুণতে পথটোত পানী জমা হোৱাত জ্বলাকলা খাইছে পথটোৰে অহা-যোৱা পথচাৰীয়ে ।
উল্লেখযোগ্য যে , শুকুৰবাৰে চন্দ্ৰপুৰলৈ যাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সৰ্বানন্দ সোণোৱাল । সেয়ে পথৰ দুৰ্গন্ধময় পানী উলিয়াই নিবলৈ পৌৰ নিগমে অস্থায়ীভাৱে খান্দি উলিয়াইছে এটা নলা । আনহাতে বহুতৰে ঘৰৰ ভিতৰত সোমাইছে এই নলাৰে উলিয়াই নিয়া পানী ।
স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি বহুদিন ধৰি পথটোত বৰষুণৰ পানী জমা হৈ থকাৰ ফলত দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে । বাৰে বাৰে বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰাৰ পাচত ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে এটা বিভাগে আন এটা বিভাগলৈ দায়িত্ব ঠেলি বিভাগসমূহে দোষ সামৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে ।