ৰঙিয়া,১ অক্টোবৰ: ৰঙিয়া আঞ্চলিক ছাত্রসন্থাৰ এটা দলে শুক্ৰবাৰে ৰঙিয়াত মাণ্ডলিক ৰে'ল প্ৰবন্ধকক সাক্ষাৎ কৰি 12423/24 নম্বৰৰ ৰাজধানী এক্সপ্রেছখনখন দৈনিক ৰখোৱাৰ লগতে লকডাউনৰ সময়তে বন্ধ কৰি দিয়া স্থানীয় ৰে'লসমূহ পুনৰ চলোৱাৰ দাবী জনাই স্মাৰক পত্র প্ৰদান কৰে(Demanding movement of local trains) । স্মাৰক পত্র প্ৰদান কৰি সদৌ কামৰূপ জিলা ছাত্র সন্থাৰ উপদেষ্টা হেমন্ত দাসে কয় যে ৰঙিয়াবাসী ৰাইজৰ লগতে ধেমাজি, লক্ষ্মীপুৰ, গোগামুখ, নলবাৰী, বৰপেটা, তামুলপুৰ আদিৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰো যাত্ৰীৰ ৰে'লৰ সংযোগস্থলী ৰঙিয়া ৰেল ষ্টেচন ।
এই ষ্টেচনৰ পৰা বিভিন্ন স্থানলৈ ৰে'লৰ জৰিয়তে অহা যোৱা কৰে ৷ দুৰ্ভাগ্যজনক যে এতিয়ালৈকে ৰঙিয়া ৰে'ল ষ্টেচনত ৰাজধানী এক্সপ্রেছ ৰে'লখন দৈনিক নৰখোৱাৰ ফলত যাত্রীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে । অত্যাধিক ধন খৰছ কৰি যাত্রীসকলে ৰাজধানী এক্সপ্রেছৰ বাবে গুৱাহাটীলৈ যাবলগীয়া হয় । সেয়েহে যাত্রীসকলৰ সুবিধাৰ বাবে ৰঙিয়া ৰে'ল ষ্টেচনত ৰাজধানী এক্সপ্রেছ ৰখোৱাৰ বাবে ৰঙিয়া মাণ্ডলিক ৰে'ল প্ৰবন্ধকক স্মাৰক পত্র প্ৰদানৰ জৰিয়তে ছাত্র সন্থাই দাবী উত্থাপন কৰে ।
লগতে কেইবাখনো স্থানীয় ৰে'ল লকডাউনৰ সময়ত বন্ধ কৰি দিয়া হৈছিল যদিও ক'ভিড পৰিস্থিতি শাম কটাৰ পিছতো সেই ৰে'লসমুহ পুনৰ চলাচলৰ অনুমতি প্ৰদান কৰা হোৱা নাই । তাৰ ফলত বহুত ছাত্র-ছাত্ৰী, সাধাৰণ নাগৰিক, চিকিৎসাৰ বাবে যোৱা ৰোগী, ব্যৱসায়ীসকল অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে(Complain to not getting proper train facilities) । সেয়েহে লক ডাউনৰ ফলত বন্ধ কৰি ৰখা ৰে'লসমূহ পুনৰ চলাচল কৰাৰ বাবেও ছাত্র সন্থাই দাবী জনায় ।
স্মাৰক পত্র প্ৰদান কাৰ্য্যসূচীত উপস্থিত থাকি জিলা ছাত্র সন্থাৰ সাংস্কৃতিক সম্পাদক তৌফিকুৰ ৰহমানে কয় যে ৰে'ল সেৱা সহজ আৰু আৰামদায়ক । তাৰ পিছতো ৰাইজে ৰে'লৰ উপযুক্ত সুবিধা নোপোৱাতো অতিকৈ দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৰহমানে । ৰঙিয়াবাসী ৰাইজৰ দীৰ্ঘদিনীয়া সংগ্রামৰ ফলত ৰে'ল ডিভিজন পোৱাৰ পিছতো ৰাজধানী এক্সপ্রেস ৰে'ল গাড়ীখন ৰঙিয়াত নৰখোৱাৰ ফলত যাত্রীসকল অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে । এই ক্ষেত্ৰত লোকসভাৰ সাংসদগৰাকীকো গুৰুত্বপূর্ণ ভূমিকা লৈ ৰাজধানী এক্সপ্রেছখন ৰখোৱাৰ ব্যবস্থা কৰিবলৈ দাবী জনায় ।
লগতে পঢ়ক: অগপৰ ৩৮ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে জনীয়াত প্ৰস্তুতি সভা