কামৰূপ, 17 চেপ্তেম্বৰ: বিশ্বকৰ্মা পূজা উপলক্ষে 120 গৰাকী নিৰ্মাণ শ্ৰমিকৰ মাজত আশীৰ্বাদ বিচাৰি খাদ্য সামগ্ৰী বিতৰণ কৰিলে বিধায়ক ৰেকিবুদ্দিন আহমেদে ৷ ক'ৰণাৰ সংহাৰৰ মাজতে বৃহস্পতিবাৰে ছয়গাঁৱৰ ডুৱজেনীস্থিত কামৰূপ জিলা অগ্ৰগামী নিৰ্মাণ শ্ৰমিক সন্থাই আয়োজন কৰা বিশ্বকৰ্মা পূজাত পূজাত অংশগ্ৰহণ কৰি ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে শ্ৰমিক সকলৰ মাজত এই খাদ্য সামগ্ৰী প্ৰদান কৰে ৷
3 কিলোগ্ৰাম চাউল,2 কিলোগ্ৰাম দাইল,2 কিলোগ্ৰাম চেনি,2 কিলোগ্ৰাম চিৰা আৰু 2 কিলোগ্ৰাম বুট সম্বলিত খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰি উঠি বিধায়ক গৰাকীয়ে মন্তব্য কৰে যে লকডাউনে জুৰুলা কৰা শ্ৰমিক সকলৰ বাবে এইয়া কোনো সাহায্য নহয়,বৰঞ্চ নিৰ্মাণ শ্ৰমিক সকলক যৎকিঞ্চিৎ সহায় কৰি তেওঁ আশীৰ্বাদহে বিছাৰিছে ৷
উল্লেখ্য যে ইতিপূৰ্বে নিৰ্মাণ শ্ৰমিক সকলৰ কাৰ্যালয় নিৰ্মাণৰ বাবে বিধায়ক গৰাকীয়ে দুই লক্ষ অনুদান আগবঢ়াইছিল ৷ ইতিমধ্যে কাৰ্যালয়টোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত পুনৰবাৰ কাৰ্যালয়টোৰ চৌহদৰ দেৱাল নিৰ্মাণৰ বাবে ডেৰ লাখ টকা আৱণ্টন দিব বুলিও বিধায়ক গৰাকীয়ে ঘোষণা কৰে ৷ আনহাতে ছয়গাঁৱত শ্ৰম পৰিদৰ্শকৰ কাৰ্যালয় থকাৰ পিছতো ছয়গাঁৱৰ শ্ৰমিকে চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে বুলিও বিধায়কগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে ৷