ETV Bharat / state

বকোত সমাজ কল্যাণ বিভাগৰ ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন

author img

By

Published : Sep 20, 2020, 8:31 AM IST

অঙ্গনবাড়ী কেন্দ্ৰৰ শিশুসকলে যাতে অঙ্গনবাড়ী কেন্দ্ৰৰ চৌহদৰ ভিতৰতে ৰোপন কৰা গছৰ পৰা ফল-মূল খাব পাৰে তাৰ বাবে আৰম্ভ কৰা বাগিছাত বৃক্ষৰোপণ কৰে বকো-বনগাঁৱ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া সুকন্যা দাসে ৷

Rastriya poshan maah celebrated at Boko
বকোত সমাজ কল্যাণ বিভাগৰ ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন

বকো, 20 ছেপ্তেম্বৰ: "ৰাষ্ট্ৰীয় পোষণ মাহ -2020" উপলক্ষে শনিবাৰে বকো-বনগাঁৱ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্য্যালয়ৰ অধীনৰ লামপাৰা অঙ্গনবাড়ী কেন্দ্ৰত আয়োজন কৰা হয় এখন অনুষ্টুপীয়া সভাৰ ৷ মুখ্য সেৱিকা ঝৰ্ণা দাসে আঁত ধৰা সভাখনত পৰিপুষ্টি পৰামৰ্শদাতা ভূপালী কলিতাই পুষ্টিহীনতা আৰু পৰিপুষ্টি সম্পৰ্কে বিশদভাৱে বক্তব্য আগবঢ়ায় ৷ শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে প্ৰয়োজনীয় প্ৰটিন, কাৰ্বহাইড্ৰেট, খনিজ লৱন, পানী আদি কি কি খাদ্যত লাভ কৰিব সেই বিষয়ে সহজ ভাষাত বুজাই দিয়ে ৷

সভাৰ শেষত অঙ্গনবাড়ী কেন্দ্ৰৰ শিশুসকলে যাতে অঙ্গনবাড়ী কেন্দ্ৰৰ চৌহদৰ ভিতৰতে ৰোপন কৰা গছৰ পৰা ফল-মূল খাব পাৰে তাৰ বাবে আৰম্ভ কৰা বাগিছাত বৃক্ষৰোপণ কৰে বকো-বনগাঁৱ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া সুকন্যা দাসে ৷ সভাৰ মাজতে কাৰ্যসূচীত অন্তৰ্গত অংশ হিচাপে প্ৰসূতি মহিলাক পঞ্চামৃত খুৱাই অংগনবাড়ী কৰ্মীয়ে ৷ উক্ত সভাত উপস্থিত থাকে মুখ্য সেৱিকা নিৰলা দাস, বিভা দিহিঙ্গীয়া, মানসী ভূঞা আদিকে ধৰি বহু কেইটা অঙ্গনবাড়ী কেন্দ্ৰৰ কৰ্মী-কৰ্মী সহায়িকাৰ লগতে বহুকেইগৰাকী স্বাস্থ্যকৰ্মী ৷

লগতে পঢ়কঃ কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি ওপজা দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.