ETV Bharat / state

এদিনীয়া কাৰ্যসূচীৰে ৰঙিয়াত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ - অনুষ্টুপীয়াকৈ পালন কৰা হ'ব ৰাস মহোৎসৱ

এইবাৰৰ ৰাস মহোৎসৱত নাথাকিব পূৰ্বৰ দৰে আনন্দ-উচাহ ৷ নলবাৰীৰ পাছতে দক্ষিণ-পশ্চিম ৰঙিয়া আঞ্চলিক হৰি মন্দিৰ কমিটিৰ সিদ্ধান্ত অনুসৰি মহামাৰী কৰ'ণাৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰা হ'ব ৰাস মহোৎসৱ |পূৰ্বৰ দৰে বিশাল পেণ্ডেল,মৃন্ময় মূৰ্তিৰ প্ৰদৰ্শনী,মেলা,সাংস্কৃতিক সন্ধিয়া তথা জনসমাগমেৰে ভৰা জাকজমকতাক পৰিহাৰ কৰাৰ বাবে হৰি মন্দিৰ সমিতিয়ে আহ্বান জনাইছে স্থানীয় ৰাইজক |

As_rangia_Ras_Mahotsav_to_be_held_in_rangia_vis_ASC10045
এদিনীয়া কাৰ্যসূচীৰে ৰঙিয়াত অনুষ্ঠিত কৰা হ'ব ৰাস মহোৎসৱ
author img

By

Published : Nov 17, 2020, 5:30 PM IST

কামৰূপ,17 নৱেম্বৰ: মহামাৰী কৰ'ণাই সমগ্ৰ বিশ্বতে ত্ৰাস চলোৱাৰ বাবেই ম্লান পৰিছে উৎসৱ উদযাপনৰ উচাহ ৷ মানুহৰ মাজতো নাই পূৰ্বৰ দৰে আনন্দ-উচাহ ৷ ৰাজ্যত দুৰ্গা পূজাৰ দৰে এইবাৰৰ ৰাস মহোৎসৱতো নাথাকিব পূৰ্বৰ দৰে আনন্দ-উচাহ ৷ নলবাৰীৰ পাছতে দক্ষিণ-পশ্চিম ৰঙিয়া আঞ্চলিক হৰি মন্দিৰ কমিটিৰ সিদ্ধান্ত মহামাৰী কৰ'ণাৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰা হ'ব ৰাস মহোৎসৱ ৷

এদিনীয়া কাৰ্যসূচীৰে ৰঙিয়াত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ

পূৰ্বতে সাত দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱ অনুষ্ঠিত হৈছিল যদিও এইবাৰ মাত্ৰ এদিনীয়া কাৰ্যসূচীৰে ৰাস অনুষ্ঠিত কৰাৰ লগতে মানি চলা হ'ব ক'ভিড প্ৰট'কল| কৰ'ণা মহামাৰীৰ বাবে কেৱল ধৰ্মীয় কাৰ্যসূচীৰে এদিনৰ বাবে ৰাসৰ আয়োজন কৰাৰ লগতে চৰকাৰী নীতি-নিৰ্দেশনা মানি অনুষ্টুপীয়াকৈ ৰাস অনুষ্ঠিত কৰাৰ সিদ্ধান্তক স্থানীয় ৰাইজেও সঁহাৰি জনাইছে ৷

As_rangia_Ras_Mahotsav_to_be_held_in_rangia_vis_ASC10045
এদিনীয়া কাৰ্যসূচীৰে ৰঙিয়াত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ

দক্ষিণ-পশ্চিম ৰঙিয়া আঞ্চলিক হৰি মন্দিৰ সমিতিয়ে ৰাস মহোৎসৱত পূৰ্বৰ দৰে বিশাল পেণ্ডেল,মৃন্ময় মূৰ্তিৰ প্ৰদৰ্শনী,মেলা,সাংস্কৃতিক সন্ধিয়া তথা জনসমাগমেৰে ভৰা জাকজমকতাক পৰিহাৰ কৰাৰ বাবে আহ্বান জনাইছে স্থানীয় ৰাইজক। সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰি চৰকাৰী নিৰ্দেশনা মানি ৰাস মহোৎসৱ পালন কৰিবলৈ প্ৰস্তুতি চলাইছে ৰঙিয়াৰ হৰি মন্দিৰ সমিতিয়ে।

লগতে পঢ়ক: ৰঙাপৰাত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণ কৰি হত্যাৰ সন্দেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.