ETV Bharat / state

বকোত ধৰ্ষণকাণ্ডৰ বিচাৰ কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী হ'ল দেৱানী! - ধৰ্ষণকাণ্ড

ভুক্তভোগী কিশোৰীগৰাকীক আৱদ্ধ কৰি ৰাখিছিল গাঁৱখনৰ এটা গৃহত । তাৰ পাচতে ধৰ্ষণকাণ্ড সন্দৰ্ভত গোপন সূত্ৰৰ ভিত্তিত সম্ভেদ লাভ কৰিছিল চাইল্ড ৱেলফেয়াৰ কমিটীয়ে ।

বকোত ধৰ্ষণকাণ্ডৰ বিচাৰ কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী হ'ল দেৱানী!
author img

By

Published : Sep 18, 2019, 12:41 PM IST

কামৰূপ, 18 চেপ্তেম্বৰঃ কামৰূপৰ বকোত চাঞ্চল্যকৰ ঘটনা । ধৰ্ষণৰ দৰে জঘন্য ঘটনাক ঘাপ দিবলৈ গৈ গাঁও সভাত বিচাৰ কৰা তিনি দেৱানীক গ্ৰেপ্তাৰ কৰে বকো আৰক্ষীয়ে । বকো, ছমৰীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দেৱানী চাব্দাম হুছেইন, হবিবৰ ৰহমান আৰু আজিমুদ্দিনক । 16 চেপ্তেম্বৰত হবিবৰ ৰহমান আৰু আজিমুদ্দিন গ্ৰেপ্তাৰ কৰাৰ লগতে মঙলবাৰে গ্ৰেপ্তাৰ কৰে চাব্দাম হুছেইনক ।

বকোত ধৰ্ষণকাণ্ডৰ বিচাৰ কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী হ'ল দেৱানী!

উল্লেখ্য যে, বকোৰ বটিয়ামাৰীত বিগত 18 জুলাইত সংঘটিত হৈছিল কিশোৰী ধৰ্ষণৰ দৰে জঘন্যকাণ্ড । সংখ্যালঘু বসতি প্ৰধান অঞ্চলৰ ধৰ্ষণকাণ্ডক গাপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন দেৱানীকেইজনৰ বিৰুদ্ধে । গাঁও সভা পাতি ধৰ্ষণকাৰীক টকাৰ বিনিময়ত দোষমুক্ত কৰাৰ চক্ৰান্ত কৰাৰ অভিযোগ চাব্দাম হুছেইন, হবিবৰ ৰহমান, আজিমুদ্দিনকে ধৰি একংশ দেৱানীৰ বিৰুদ্ধে । ভুক্তভোগী কিশোৰীগৰাকীক আৱদ্ধ কৰি ৰাখিছিল গাঁৱখনৰ এটা গৃহত । তাৰ পাচতে ধৰ্ষণকাণ্ড সন্দৰ্ভত গোপন সূত্ৰৰ ভিত্তিত সম্ভেদ লাভ কৰিছিল চাইল্ড ৱেলফেয়াৰ কমিটীয়ে । তাৰ পাচতে CWC আৰু বকো আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছিল ভুক্তভোগী কিশোৰীগৰাকীক । বকো থানাত ৮৫৪/১৯ নম্বৰত ৰুজু হৈছিল এক গোচৰ । গোচৰৰ ভিত্তিতে বকো, ছমৰীয়া আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই গ্ৰেপ্তাৰ কৰে অভিযুক্ত দেৱানী চাব্দাম হুছেইন, হবিবৰ ৰহমান আৰু আজিমুদ্দিনক ।

ইতিমধ্যে বকো আৰক্ষীয়ে জেল হাজোত লৈ প্ৰেৰণ কৰিছে অভিযুক্ত তিনি দেৱানীক । আনহাতে, বকোৰ সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত চলি অহা দেৱানী প্ৰথা বন্ধ কৰা হ'ব বুলি মন্তব্য কৰে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ।

Intro:Body:এক চাঞ্চল্যকৰ ঘটনা। ধৰ্ষণৰ দৰে জঘন্য ঘটনাক ঘাপ দিবলৈ গৈ গাঁও সভাত বিচাৰ কৰা তিনি দেৱানীক গ্ৰেপ্তাৰ কৰিছে বকো আৰক্ষীয়ে। বকো, ছমৰীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দেৱানী চাব্দাম হুছেইন, হবিবৰ ৰহমান আৰু আজিমুদ্দিনক। সোমবাৰে হবিবৰ ৰহমান আৰু আজিমুদ্দিন গ্ৰেপ্তাৰ কৰাৰ লগতে মঙলবাৰে গ্ৰেপ্তাৰ কৰে চাব্দাম হুছেইনক। বকোৰ বটিয়ামাৰীত যোৱা ১৮ জুলাইত সংঘটিত হৈছিল কিশোৰী ধৰ্ষণৰ এক জঘন্য ঘটনা। সংখ্যালঘু বসতি প্ৰধান অঞ্চলটোৰ এই জঘণ্য ঘটনাক ঘাপ দিবলৈ চেষ্টা কৰিছিল এইকেইজন দেৱানীয়ে। গাঁও সভা পাতি ধৰ্ষণকাৰীক টকাৰ বিনিময়ত দোষমুক্ত কৰাৰ চক্ৰান্ত কৰিছিল কালপ্ৰিট চাব্দাম হুছেইন, হবিবৰ ৰহমান, আজিমুদ্দিনকে ধৰি একাংশ দালাল, দেৱানীয়ে। ভূক্তভোগী কিশোৰীগৰাকীক আবদ্ধ কৰি ৰাখিছিল গাঁৱখনৰেই এটা গৃহত। এই জঘণ্য কাণ্ড গোপন সূত্ৰে লাভ কৰিছিল চাইল্ড ৱেলফেয়াৰ কমিটীয়ে। তাৰ পিছত CWC আৰু বকো আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছিল ভূক্তভোগী কিশোৰীগৰাকীক। বকো থানাত ৮৫৪/১৯ নম্বৰত ৰুজু হৈছিল এক গোচৰ। সেই গোচৰৰ ভিত্তিত সোমবাৰ আৰু মঙলবাৰে বকো, ছমৰীয়া আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই গ্ৰেপ্তাৰ কৰে অভিযুক্ত দেৱানী চাব্দাম হুছেইন, হবিবৰ ৰহমান আৰু আজিমুদ্দিনক। ইতিমধ্যে বকো আৰক্ষীয়ে জেল হাজোত লৈ প্ৰেৰণ কৰিছে কালপ্ৰিটত কেইটাক। বকোৰ সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত চলি অহা দেৱানী প্ৰথা বন্ধ কৰা হব বুলি মন্তব্য কৰে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই।

BYTE_যোগেন্দ্ৰ বৰ্মন, ভাৰপ্ৰাপ্ত বিষয়া, বকো আৰক্ষী থানা।

BYTE_ ইম্ৰাৱেল দৈমাৰী, ভাৰপ্ৰাপ্ত বিষয়া, ছমৰীয়া পহৰা চকী।Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.