ETV Bharat / state

Kidnaper arrested in Hauly: আৰক্ষীৰ জালত ৰঙিয়াৰ শিশু অপহৰণকাৰী মামনি

author img

By

Published : Jul 21, 2022, 3:14 PM IST

আৰক্ষীৰ জালত ৰঙিয়াৰ শিশু অপহৰণকাৰী মহিলা । অপহৰণকাৰী মামনি বেগমক হাউলীত গ্ৰেপ্তাৰ(Kidnaper arrested in Hauly) । উদ্ধাৰ কৰে অপহৃতা ৰিম্পী দাসক । বুধবাৰে সংঘটিত হৈছিল এই চাঞ্চল্যকৰ অপহৰণকাণ্ড(Rangia Child Kidnap) ।

rangiya kidnapper arrested in howley
Kidnaper arrested in Hauly: আৰক্ষীৰ জালত ৰিম্পীৰ অপহৰণকাৰী মামনি

ৰঙিয়া, ২১ জুলাই: অৱশেষত আৰক্ষীৰ জালত পৰিল ৰঙিয়াৰ শিশু অপহৰণকাৰী মহিলা । GPS লোকেশ্বন ট্ৰেক কৰি হাউলীত গ্ৰেপ্তাৰ কৰে অপহৰণকাৰী মহিলাগৰাকীক(Kidnaper arrested in Hauly) । লগতে উদ্ধাৰ কৰে অপহৃতা কন্যা শিশুটিক । অপহৰণকাৰী মহিলাগৰাকীৰ নাম মামনি বেগম বুলি জানিব পৰা গৈছে । বৃহস্পতিবাৰে ৰঙিয়া আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছিল অপহৃতা শিশু কন্যাগৰাকীৰ পেহীয়েক মঞ্জুলা দাসক ।

উল্লেখ্য যে, বুধবাৰে দিনৰ ভাগত সংঘটিত হৈছিল উক্ত ঘটনাটো(Rangia Child Kidnap) ৷ জানিব পৰা মতে মঙলবাৰে ৰিম্পী দাসৰ পেহীয়েক মঞ্জুলা দাসৰ পূৰ্বৰ চিনাকি সূত্ৰে মামণি বেগম নামৰ মহিলা গৰাকীয়ে তেওঁলোকৰ ঘৰত নিশা কটাইছিল । বুধবাৰে পুৱা মামণি বেগমে ৰিম্পীক কাপোৰ কিনি দিম বুলি কৈ পেহীয়েক মঞ্জুলাৰ লগত ৰঙিয়া নগৰলৈ আহিছিল । দুয়োগৰাকী মহিলাই শিশুটিক লৈ ৰঙিয়াত উপস্থিত হোৱাৰ পিছত ৰঙিয়াৰ এখন হোটেলত চাহ খাবলৈ সোমায় । চাহ খাই থকাৰ মাজতেই মামণি নামৰ মহিলাগৰাকীয়ে ৰিম্পীক লগত লৈ বেংকলৈ যাম বুলি পেহীয়েক মঞ্জুলাক হোটেলত এৰি থৈ ওলাই আহে ।

মামণি নামৰ অপহৰণকাৰী মহিলাগৰাকী তাৰ পিছৰে পৰা কণমানি ৰিম্পীৰ লগত অন্তৰ্ধান হৈ পৰে । প্ৰায় দুই বজালৈ মামণি আৰু কণমানি ৰিম্পী উভতি নহাত পেহীয়েক মঞ্জুলাই ৰিম্পীৰ পিতৃ-মাতৃৰে যোগাযোগ কৰে । লগেলগে ৰিম্পীৰ পিতৃ মাতৃয়ে ৰঙিয়া আৰক্ষীৰ কাষ চাপে । ৰঙিয়া আৰক্ষীয়েও তাৎক্ষণিকভাৱে নামি পৰিছিল শিশুটিৰ সন্ধানত আৰু বৃহস্পতিবাৰে তদন্তৰ বাবে আটক কৰে ৰিম্পীৰ পেহীয়েক মঞ্জুলা দাসক ।

ইফালে GPS ৰ সহায়ত মহিলাগৰাকীৰ লোকেশ্বন ট্ৰেচ কৰি হাউলীত গ্ৰেপ্তাৰ কৰে অপহৰণকাৰী মামনি বেগমক । লগতে উদ্ধাৰ কৰে কণমানি ৰিম্পী দাসক । বাতৰি লিখাৰ সময়লৈ হাউলীৰ পৰা ৰঙিয়া থানালৈ অপহৰণকাৰী মহিলাগৰাকীক লৈ অনা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Rangia Child Kidnap: ৰঙিয়াত 9 বছৰীয়া কণমানি ৰহস্যজনৰ অপহৰণৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.