ETV Bharat / state

ৰঙিয়াৰ এখন বিশেষ দলঙেৰে পাৰ হ’লে ৰাইজে দিবলগীয়া হয় ভাড়া - খোপনিকুছিৰ নোনা নৈ

কামৰূপ,নলবাৰী আৰু বাক্সাৰ সীমান্তৱৰ্তী খোপনিকুছিৰ নোনা নৈৰ ওপৰত থকা দলঙখনেৰে পাৰ হ’বলৈ ৰাইজে দিব লাগে ভাড়া ৷ বাৰিষাৰ ঢলত কেইবাবাৰো উটি যোৱা দলঙখন প্ৰতিবছৰে ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰে ৷

Rangiya Khoponikuchi Bamboo bridge
ৰঙিয়াৰ এখন বিশেষ দলঙেৰে পাৰ হলে ৰাইজে দিবলগীয়া হয় ভাড়া
author img

By

Published : Aug 30, 2020, 11:32 AM IST

ৰঙিয়া, 30 আগষ্টঃ ৰঙিয়াৰ এখন বিশেষ দলং ৷ যিখন দলং পৰা হ’লে ৰাইজে দিবলগীয়া হয় ভাড়া ৷ খোজকাঢ়ি পাৰ হ’লে 5 টকা, চাইকেলত 10 টকা আৰু স্কুটী বা বাইক পাৰ হ’লে যাত্ৰীয়ে দিব লাগে 20 টকা ৷ উল্লেখ্য যে, কামৰূপ,নলবাৰী আৰু বাক্সাৰ সীমান্তৱৰ্তী খোপনিকুছিৰ নোনা নৈৰ ওপৰত থকা দলঙখনেৰে নিতৌ কেইবাশ লোক পাৰ হয় ৷ বাৰিষাৰ ঢলত কেইবাবাৰো উটি যোৱা দলঙখন প্ৰতিবছৰে ৰাইজে নিজৰ গাঠিৰ ধন ভাঙি নিৰ্মাণ কৰে ৷

খোপনিকুছিৰ নোনা নৈৰ ওপৰত থকা দলঙখনেৰে পাৰ হ’বলৈ ৰাইজে দিবলাগে ভাড়া

আনহাতে, অহা-যোৱা কৰাৰ বাবদ নিতৌ পইছা দিবলগীয়া হোৱা বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় অঞ্চলটোৰ ক্ষুদ্ৰ ব্যৱসায়সকল ৷ ইয়াৰ উপৰিও খোপনিকুছিৰ ৰঙিয়াৰ দিশে থকা বিদ্যায়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলো এই দলঙখনেৰে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হয় ৷ এই সন্দৰ্ভত কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষ তথা বিধায়ক ভৱেশ কলিতাক অৱগত কৰাৰ পিছতো এখন পকী দলং নিৰ্মাণৰ ক্ষেত্ৰত আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ যাৰবাবে এনেদৰে জীয়াতু ভূগিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক-তেজপুৰত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি জ্যেষ্ঠ সাংবাদিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.