ৰঙিয়া, 24 ছেপ্টেম্বৰঃ বিতৰ্কই লগ নেৰা ৰাজ্যৰ শক্তি বিভাগ ৷ সময়ে সময়ে বিভাগটোৱে উদঙাই দিছে উন্নয়নৰ প্ৰকৃত ছবিখন ৷ কেতিয়াবা যদি বিভাগটোৰ গাফিলতিৰ বাবে বিদ্যুতস্পৃষ্ট হৈ নিৰীহ মানুহে প্ৰাণ হেৰুৱাব লগা হৈছে কেতিয়াবা আকৌ বাঁহ,কাঠৰ খুটাৰে বিদ্যুত সংযোগ দি বাতৰিৰ শিৰোনাম হৈছে বিভাগটো ৷ কেৱল মাত্ৰ বিভাগৰ একাংশ বিষয়ববীয়াৰ দায়ীত্বজ্ঞানহীনতাৰ বাবেই প্ৰাণ হেৰুৱাবলগীয়া হৈছে সাধাৰণ ৰাইজে ৷ 2006 চনৰ পৰা এই পৰ্যন্ত ৰাজ্যত 1000টা বিদ্যুতস্পৃষ্ট হৈ মৃত্যুৰ ঘটনা সংঘটিত হৈছে ৷ কিন্তু ইয়াৰ পাছতো গা লৰা নাই বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ ৷
ৰাজ্যৰ শক্তি বিভাগৰ নগ্ন স্বৰূপ - ৰাজ্যত 1000টা বিদ্যুতস্পৃষ্ট হৈ মৃত্যুৰ ঘটনা
ৰঙিয়াৰ পশ্চিম সীতাৰাৰ এটা ৰাজহুৱা পুখুৰীৰ ওপৰেৰে টনা হৈছে উচ্চ ক্ষমতা সম্পন্ন তিনিডাল বিদ্যুত পৰিবাহী তাঁৰ ৷ ১১০০০ ভল্টৰ তাঁৰ কেইডাল পুখুৰীৰ পানীৰ পৰা দুই ফুটতকৈও কম দূৰত্বৰে ওলমি পাৰ হৈ গৈছে ৷ যাৰ ফলত যিকোনো সময়তে ভয়ংকৰ অঘটনৰ সম্ভাৱনা প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে
![ৰাজ্যৰ শক্তি বিভাগৰ নগ্ন স্বৰূপ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4535293-thumbnail-3x2-r.jpg?imwidth=3840)
ৰঙিয়া, 24 ছেপ্টেম্বৰঃ বিতৰ্কই লগ নেৰা ৰাজ্যৰ শক্তি বিভাগ ৷ সময়ে সময়ে বিভাগটোৱে উদঙাই দিছে উন্নয়নৰ প্ৰকৃত ছবিখন ৷ কেতিয়াবা যদি বিভাগটোৰ গাফিলতিৰ বাবে বিদ্যুতস্পৃষ্ট হৈ নিৰীহ মানুহে প্ৰাণ হেৰুৱাব লগা হৈছে কেতিয়াবা আকৌ বাঁহ,কাঠৰ খুটাৰে বিদ্যুত সংযোগ দি বাতৰিৰ শিৰোনাম হৈছে বিভাগটো ৷ কেৱল মাত্ৰ বিভাগৰ একাংশ বিষয়ববীয়াৰ দায়ীত্বজ্ঞানহীনতাৰ বাবেই প্ৰাণ হেৰুৱাবলগীয়া হৈছে সাধাৰণ ৰাইজে ৷ 2006 চনৰ পৰা এই পৰ্যন্ত ৰাজ্যত 1000টা বিদ্যুতস্পৃষ্ট হৈ মৃত্যুৰ ঘটনা সংঘটিত হৈছে ৷ কিন্তু ইয়াৰ পাছতো গা লৰা নাই বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ ৷
Conclusion:বন্দনা শৰ্মা, ৰঙিয়া