ETV Bharat / state

গৰাখহনীয়াত বিপৰ্যস্ত ৰঙিয়াৰ এটা বৃহত্তৰ অঞ্চল

author img

By

Published : Nov 23, 2020, 2:30 PM IST

ৰঙিয়াৰ বনগাঁৱত প্ৰায় তিনি দশকজুৰি বৰলীয়া নৈয়ে চলোৱা গৰাখহনীয়াই গাঁওখনৰ কেইবাঘৰ মানুহৰ মাটি ভেটি উটুৱাই নিয়াৰ উপৰিও গাঁৱৰ মাজেৰে যোৱা একমাত্ৰ পথটোৱো উটুৱাই নিছে ৷ ফলত বহু লোকে মাটি হেৰুৱাই অন্য ঠাইলৈ উঠি যাবলগীয়া হৈছে ৷

As_rangia_baraliya_erosion_vis_ASC10045
গৰাখহনীয়াই জীৱন বিপৰ্যস্ত কৰিছে ৰঙিয়াৰ এক বৃহত্তৰ অঞ্চলৰ ৰাইজৰ

ৰঙিয়া,23 নৱেম্বৰঃ গৰাখহনীয়াই জীৱন বিপৰ্যস্ত কৰি তুলিছে ৰঙিয়াৰ এক বৃহত্তৰ অঞ্চলৰ ৰাইজৰ ৷ বৰলীয়া নৈৰ কাষৰীয়া এই অঞ্চলটোৰ এক বৃহৎ অংশ ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে ৷ ৰঙিয়াৰ বনগাঁৱত প্ৰায় তিনি দশকজুৰি চলি থকা খহনীয়াই গাঁওখনৰ কেইবাঘৰ মানুহৰ মাটি ভেটি উটুৱাই নিয়াৰ উপৰিও গাঁৱৰ মাজেৰে যোৱা একমাত্ৰ পথটোৱো উটুৱাই নিছে ৷ ফলত বহু লোকে মাটি হেৰুৱাই অন্য ঠাইলৈ উঠি যাবলগীয়া হৈছে ৷

গৰাখহনীয়াই জীৱন বিপৰ্যস্ত কৰিছে ৰঙিয়াৰ বনগাঁৱৰ ৰাইজৰ

কিন্তু এইসন্দৰ্ভত বহুবাৰ অবগত কৰাৰ পিছতো কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷ বাৰিষাৰ পূৰ্বে প্ৰতি বছৰে স্থানীয় ৰাইজে লগলাগি বস্তা আৰু বাঁহ দি পাৰ বান্ধিব চেষ্টা কৰে যদিও প্ৰৱল বানে সকলো উটুৱাই নিয়ে ৷ অনাগত দিনসমূহতে এনদৰে খহনীয়া অব্যাহত থাকিলে গাঁৱখনৰ প্ৰায় 270 ঘৰ মানুহ সৰ্বস্বান্ত হোৱাৰ শংকাত দিন পাৰ কৰিছে ৷

লগতে পঢ়ক-জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি বন্যহস্তী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.