ETV Bharat / state

ব্ৰজবাসী সত্ৰৰ পালনামত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ঘোপলাবাসীৰ

author img

By

Published : Feb 8, 2021, 12:27 PM IST

450 বছৰীয়া ৰঙিয়াৰ ঘোপলাৰ ঐতিহাসিক ব্ৰজবাসী সত্ৰৰ নাম অসম দৰ্পণ আঁচনিত অন্তৰ্ভুক্ত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে ঘোপলাবাসীয়ে ৷ ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই সত্ৰখন অন্তৰ্ভুক্ত নোহোৱাৰ অভিযোগ অঞ্চলটোৰ ৰাইজৰ ৷

ব্ৰজবাসী সত্ৰৰ পালনামত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ঘোপলাবাসীৰ
ব্ৰজবাসী সত্ৰৰ পালনামত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ঘোপলাবাসীৰ

ৰঙিয়া,8 ফেব্ৰুৱাৰী: ৰঙিয়াৰ ঘোপলাৰ এখন ঐতিহাসিক সত্ৰ ব্ৰজবাসী সত্ৰ ৷ 450 বছৰীয়া সত্ৰখনত 1998 চনৰ পৰা অঞ্চলবাসীয়ে অনুষ্ঠিত কৰি আহিছে পালনাম ৷ 1998 চনতে অঞ্চলটোত বহুকেইজন যুৱকে অকালতে মৃত্যুক সাৱতি লৈছিল ৷ তেতিয়াৰে পৰা গাঁৱৰ সকলো লোকে একগোট হৈ ব্ৰজবাসী সত্ৰ কীৰ্তনঘৰ প্ৰাংগণত পালনাম অনুষ্ঠিত কৰিছিল ৷ লোক বিশ্বাস অনুসৰি ব্ৰজবাসী সত্ৰ কীৰ্তনঘৰ প্ৰাংগণত নাম-কীৰ্তন কৰিলে ভক্ত সকলৰ মনোবাঞ্চা পূৰণ হয় ৷

কিন্তু শেহতীয়া ভাৱে 450 বছৰীয়া ঐতিহাসিক সত্ৰখন অসম দৰ্পণ আঁচনিত অন্তৰ্ভুক্ত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে ঘোপলাবাসীয়ে ৷ ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই অসম দৰ্পণ আঁচনিত ঐতিহাসিক সত্ৰখন অন্তৰ্ভুক্ত নোহোৱাৰ অভিযোগ ঘোপলাবাসীৰ ৷ দেওবাৰে কীৰ্ত্তনঘৰ প্ৰাংগণত ৰাইজে অনুষ্ঠিত কৰা পালনাম মহোৎসৱত মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক: মাৰ্ঘেৰিটাত 300 কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.