ETV Bharat / state

Rangia Arimatta rampart : শীঘ্ৰে আৰিমত্ত গড়ত হ’ব উচ্ছেদ - ঐতিহাসিক আৰিমত্ত গড়ৰ সংৰক্ষণ

ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড়ৰ সংৰক্ষণৰ বাবে ৰঙিয়া প্ৰশাসনে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ (Preservation of Arimatta rampart) ৷ পৰ্যটনৰ দিশত গড়টো আকৰ্ষণীয় ৰূপতো সজাই তোলাৰ আশ্বাস দিছে মহকুমাধিপতিগৰাকীয়ে ।

Rangia Arimatta rampart
সংৰক্ষণ কৰা হ’ব আৰিমত্ত গড়
author img

By

Published : Mar 10, 2023, 10:24 PM IST

আৰিমত্ত গড়ৰ সংৰক্ষণৰ বাবে ৰঙিয়া প্ৰশাসনৰ বিশেষ পদক্ষেপ

ৰঙিয়া, 10 মাৰ্চ : ‘‘ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড়ৰ সংৰক্ষণৰ বাবে হ’বলগীয়া উচ্ছেদত কোনো বিতৰ্ক নাই । ৰাইজ নিজে ওলাই আহিছে গড়টো সংৰক্ষিত কৰিবলৈ (Rangia subdivisional officer visited arimatta rampart)। গড়ৰ ওপৰত থকা মন্দিৰ-মছজিদৰ লগতে আন আন ৰাজহুৱা স্থানসমূহো সমিতিসমূহৰ লগত আলোচনামৰ্মে ৰাইজৰ সহযোগিতাৰে অতি শীঘ্ৰে স্থানান্তৰিত কৰা হ’ব ।’’ ৰঙিয়াত অৱস্থিত কেইবা শতিকা পুৰণি ঐতিহাসিক আৰিমত্ত গড় পৰিদৰ্শন কৰি এই মন্তব্য কৰে ৰঙিয়াৰ মহকুমাধিপতি (অ) দ্বীপন বৰ্মনে ।

কেইবা দশকৰ পৰা বেদখলৰ কৱলত পৰি নিশ্চিহ্ন হ’বলৈ ধৰা গড়টো সংৰক্ষণৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰাৰ উদ্দেশ্যে মহকুমাধিপতিগৰাকীয়ে শুক্ৰবাৰে ৰঙিয়াৰ পালবস্তী, তৰণি, তুলসীবাৰী, মাহতলিকে ধৰি কৰি কেইবাও ঠাই পৰিদৰ্শন কৰে ৷ লগতে আৰিমত্ত গড় সন্দৰ্ভত স্থানীয় ৰাইজৰ সৈতে মত বিনিময়ো কৰে (Preservation of Arimatta rampart) ।

মহকুমাধিপতিগৰাকীয়ে ৰাইজৰ লগতে সংবাদ মাধ্যমৰ আগতো কয় যে গড়টোৰ সংৰক্ষণৰ বাবে পুৰাতত্ব বিভাগৰ (archeology) সৈতে যোগাযোগ কৰা হ’ব । লগতে পৰ্যটনৰ দিশতো গড়টো আকৰ্ষণীয় ৰূপতো সজাই তুলিবলৈ চেষ্টা কৰিব বুলিও আশ্বাস দিয়ে মহকুমাধিপতিগৰাকীয়ে ।

Rangia Arimatta rampart
সংৰক্ষণ কৰা হ’ব আৰিমত্ত গড়

পৰিদৰ্শন কালত বিষয়াগৰাকীয়ে গড়টোৰ মাটিকালি জোখ মাখ কৰি স্থানীয় ৰাইজক সীমাসমূহ দেখুৱাই দিয়ে । পৰিদৰ্শনৰ সময়চোৱাত মহকুমাধিপতিৰ লগতে ৰঙিয়া ৰাজহ চক্ৰ বিষয়া লীণা কুমাৰী পাৱে, পাণ্ডুৰী জিলা পৰিষদৰ সদস্য লিটন কলিতা, বৈদ্যগড় গাঁও পঞ্চায়তৰ সভাপতি দুলু ভূঞা, ৰঙিয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডলকে ধৰি কেইবাগৰাকীও কাৰ্মচাৰী, মহকুমা প্ৰশাসনৰ বিষয়া আৰু কৰ্মচাৰীসকল আৰু স্থানীয় লোক উপস্থিত থাকে ।

উপস্থিত ৰাইজে গড়টো সুৰক্ষিত ৰখাৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিবলৈ লোৱা পদক্ষেপৰ প্ৰতি সহযোগিতা আগবঢ়োৱাৰ লগতে সমৰ্থন আগবঢ়াব বুলি মহকুমাধিপতিগৰাকীক আশ্বাস দিয়ে । চক্ৰ বিষয়া লীণা কুমাৰী পাৱে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে প্ৰথম পৰ্যায়ত কেইবা কিলোমিটাৰ দীঘল গড়টোৰ জৰীপ আগন্তুক প্ৰায় তিনি দিনলৈ চলিব । লগতে আগন্তুক সময়ত গড়ৰ ওপৰত বাস কৰি থকা ছয়টা পৰিয়ালক উচ্ছেদ কৰি অন্য স্থানত সংস্থাপিত কৰা হ’ব ।

লগতে পঢ়ক : Finance minister Ajanta Neog comments on budget; বাজেটে ৰাজ্যৰ সৰ্বস্তৰৰ লোকক উপকৃত কৰিব : বিত্তমন্ত্ৰী অজন্তা নেওগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.