ৰঙিয়া,১ জানুৱাৰী: মহামাৰীৰ সংক্ৰমণৰ বাবে কেইবামাহো ধৰি বন্ধ হৈ থকাৰ পিছত আজিৰে পৰা পুনৰ খোলা হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি ৰঙিয়াৰ বিদ্যালয়সমূহতো আজিৰে পৰা পাঠদান আৰম্ভ কৰা হৈছে । দীঘলীয়া বিৰতিৰ অন্তত পাঠ গ্ৰহণ কৰিবলৈ কণ কণ ছাত্ৰ-ছাত্ৰীসকলো উপস্থিত হৈছেহি বিদ্যালয়ত । ৰঙিয়াৰ তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত COVID-১৯ৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া স্বাস্থ্য বিধি মানি পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ।
এবছৰ পূৰ্বে সোণালী জয়ন্তী বৰ্ষ পালন কৰা বিদ্যালয়খনত আজি চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰা হৈছে । ছেনিটাইজ কৰা শ্ৰেণীকোঠাসমূহত এখন ডেস্কত দুজনকৈ ছাত্র-ছাত্ৰীক বহিবলৈ দিয়া হৈছে । মাস্ক পৰিধান কৰাতোও বাধ্যতামূলক কৰা হৈছে বিদ্যালয়খনত । যিসকলে মাস্ক পৰিধান কৰা নাই সেইসকলক বিদ্যালয়ৰ তৰফৰ পৰা মাস্ক প্ৰদান কৰা হৈছে । পুৱা ৯ বজাত আৰম্ভ হোৱা পাঠদানৰ অন্ত পৰিব ১.৪৫ বজাত ।
COVID-১৯ৰ বাবে কেইবামাহো বিদ্যালয়সমুহ বন্ধ হৈ থকাত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈছিল ছাত্র-ছাত্ৰীসকলে । কণ কণ ছাত্র-ছাত্ৰীসকলৰ শৈক্ষিক দিশটো পুনৰ সঠিক পথলৈ ঘূৰাই অনাৰ উদ্দেশ্যেৰে এতিয়া পুনৰ শিক্ষা বিভাগৰ নিৰ্দেশমৰ্মে শিক্ষকসকলে নতুন উদ্যমেৰে বিদ্যালয়খনত পাঠদানৰ আৰম্ভ কৰিছে ।
লগতে পঢ়ক:পাঠদানৰ বাবে সাজু কৰি তুলিছে মৰিগাঁৱৰ ১৩৮০ খন প্ৰাথমিক বিদ্যালয়