ETV Bharat / state

Rangia Sadar police station: কেৱল চমক সৃষ্টিতেই সীমাবদ্ধ নেকি অসম আৰক্ষীৰ আধুনিকীকৰণ

author img

By

Published : Jan 18, 2023, 9:51 PM IST

ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই দুদিন পূৰ্বে অসমত অপৰাধৰ মাত্ৰা হ্ৰাস পোৱা বুলি উল্লেখ কৰিছে ৷ কিন্তু সেইসময়তে আমি দেখুৱাব খুজিছোঁ আৰক্ষী বিভাগৰ এক পুতৌ লগা দৃশ্য ৷ মুধচেৰে পানী পৰা গৃহত চলিছে আৰক্ষী চকী ৷ বেৰেকৰো অৱস্থা অতি শোচনীয় ৷ তাৰোপৰি প্ৰয়োজন অনুসৰি থাকিব লগীয়া সংখ্য়াতকৈ বহু কম সংখ্যক আৰক্ষীৰে চলিছে একাংশ থানা ৷ ইয়াৰেই উদাহৰণ ৰঙিয়া সদৰ আৰক্ষী থানা আৰু ডোবক আৰক্ষী চকী ৷

Rangia Sadar police station
জৰাজীৰ্ণ গৃহত চলিছে আৰক্ষী চকী
অসম আৰক্ষীৰ আধুনিকীকৰণ

ৰঙিয়া, 18 জানুৱাৰী: আৰক্ষীৰ আধুনিকীকৰণৰ বিষয়ে (Modernization of the police) আমি প্ৰত্যেকেই কিঞ্চিৎ হ’লেও জ্ঞাত ৷ শেহতীয়াকৈ বিগত বৰ্ষত President’s Colours award লাভ কৰিলে অসম আৰক্ষীয়ে ৷ স্মাৰ্ট আৰক্ষী হিচাপে দেশৰ ভিতৰতে তৃতীয় স্থানত আছে অসম আৰক্ষী (Assam police rank in India) ৷ কিন্তু অসমৰ একাংশ থানাৰ অৱস্থাই আৰক্ষী বিভাগৰ এই কৃতিত্বক যেন বাৰুকৈয়ে ভেঙুচালি কৰিছে ৷ কৰ’বাত যদি আৰক্ষীৰ অভাৱ আন কৰ’বাত আকৌ জৰাজীৰ্ণ গৃহত চলিছে আৰক্ষী চকী আৰু থানা ৷ উন্নীতকৰণৰ যেন কোনো পৰশেই পৰা নাই এনে থানাসমূহত ৷

প্ৰতিদিনে বৃদ্ধি পোৱা অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জোৰ দি আহিছে যদিও জনসংখ্যা অনুপাতে আৰক্ষীৰ সংখ‍্যা তাকৰীয়া হোৱাৰ বাবে বহু সময়ত অপৰাধ নিয়ন্ত্ৰণত পিছপৰি ৰৈছে বিভাগটো । ভোগালী বিহুৰ আগে আগে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই নিজ মুখে স্বীকাৰ কৰিছিল বিভাগটোত আৰক্ষীৰ সংখ্যা কম হোৱাৰ কথা (Guwahati CP statement on security) ৷ কেৱল গুৱাহাটীতেই নহয়, ৰাজ্যৰ আন বহু থানা আৰু আৰক্ষী চকীতো একেই অৱস্থা ৷

বিশেষকৈ ৰঙিয়াৰ প্ৰায় ১ লাখ ৩০ হাজাৰ লোকক সামৰি লোৱা ৰঙিয়া থানাখন চলিছে মাত্ৰ ১৯ গৰাকী আৰক্ষীৰে । ৰঙিয়া মহকুমাৰ থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত ৯ গৰাকী উপ পৰিদৰ্শক, ৯ গৰাকী সহকাৰী উপ পৰিদৰ্শক আৰু ২৫ গৰাকী কনিষ্টবল থাকিব লাগে ৷ কিন্তু বৰ্তমান মাত্ৰ চাৰি গৰাকী উপ পৰিদৰ্শক, চাৰি গৰাকী সহকাৰী উপ পৰিদৰ্শক আৰু ১০ গৰাকী কনিষ্টবলেৰে চলিছে সদৰ থানাখন (Scarcity of forces in Rangia PS)।

বহল পৰিসৰৰ মহকুমাটোত জনসংখ্যা অনুপাতে আৰক্ষীৰ সংখ্যা যথেষ্ট পৰিমাণে কম হোৱাৰ বাবে বহু সময়ত ঘটনাস্থলীত আৰক্ষী পলমকৈ উপস্থিত হয় । যদিহে একে সময়তে দুঠাইত দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে আন্দোলন প্ৰতিবাদ হয়, তেন্তে আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হৈ আহিছে । ইয়াৰ উপৰিও ৰঙিয়াত সঘনে সংঘটিত হৈ থকা চুৰি-ডকাইতি আদি অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰঙিয়া আৰক্ষী বহু পৰিমাণে ব‍্যৰ্থ হোৱা পৰিলক্ষিত হৈছে (Pathetic condition of police stations in Assam)।

লগতে পঢ়ক: DGP Bhaskar Jyoti Mahanta : ৰাজ্যত অপৰাধমূলক ঘটনা হ্ৰাস পাইছে : ডিজিপি

জনবসতি ঘন অঞ্চলটোৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে থানাখনত পৰ্যাপ্ত পৰিমাণৰ আৰক্ষী মকৰল কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে । আনহাতে, ৰঙিয়া সদৰ থানাৰ অধীনৰ তুলসীবাৰী আৰক্ষী চকীত বৰ্তমান ১১ গৰাকী আৰক্ষী আছে । ইয়াৰ ভিতৰত এগৰাকী উপ পৰিদৰ্শক, এগৰাকী সহকাৰী উপ পৰিদৰ্শক, ৫ গৰাকী কনিষ্টবল আৰু ৪ গৰাকী বেটেলিয়ান আছে যদিও আৰক্ষী চকীখনত নিয়ম মতে আৰু এগৰাকী কনিষ্টবল, এগৰাকী হাবিলদাৰ আৰু এগৰাকী লেঞ্চ নায়ক থাকিব লাগিছিল । এই পদ সমুহ বহু সময়ৰ পৰা খালি হৈ আছে যদিও বৰ্তমানলৈকে নিয়োগ কৰা হোৱা নাই ।

ইয়াৰ বিপৰীতে এক বৃহৎ অঞ্চল সুৰক্ষাৰ দায়িত্বত থকা ডোবক আৰক্ষী চকী বৰ্তমান মাত্ৰ ৬ গৰাকী আৰক্ষীৰে চলিছে । যাৰ ভিতৰত ৩ গৰাকী কনিষ্টবল আৰু ৩ গৰাকী বেটেলিয়ান আছে । উপ পৰিদৰ্শক, সহকাৰী উপ পৰিদৰ্শক অবিহনে চলি থকা আৰক্ষী চকীখনত এগৰাকী উপ পৰিদৰ্শক, এগৰাকী সহকাৰী উপ পৰিদৰ্শক, ৬ গৰাকী কনিষ্টবল, এগৰাকী হাবিলদাৰ, এগৰাকী লেঞ্চ নায়ক আৰু চাৰিগৰাকী বেটেলিয়ান থাকিব লাগে । বেছিভাগ সময়ত আৰক্ষী চকীখনলৈ অহা গুৰুতৰ গোচৰবোৰ ৰঙিয়া থানালৈ হস্তান্তৰ কৰা হয় ।

১৯৭৮ চনতে স্থাপন হোৱা আৰক্ষী চকীখন প্ৰথমৰে পৰা বৰ্তমানলৈকে ভাড়াঘৰতেই চলি আহিছে যদিও বৰ্তমান বৰষুণ দিলে পানী পৰাকৈ জৰাজীৰ্ণ অৱস্থাত আছে । আৰক্ষী চকীখনৰ জহি খহি যোৱা টিঙৰ ওপৰত প্লাষ্টিকৰ ত্ৰিপাল দি কিছু মেৰামতি কৰা হৈছিল যদিও এতিয়া সেই ত্ৰিপালেৰেও পানী পৰা হৈছে । ইয়াৰ উপৰিও ৰঙিয়া সদৰ থানা, তুলসীবাৰী আৰক্ষী চকী আৰু ডোবক আৰক্ষী চকীত থকা বেৰেকসমূহৰো অৱস্থা শোচনীয় ।

অতি পুৰণি বেৰেকসমূহত থকা খোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে আৰক্ষীৰ লোকসকল । বিশেষকৈ ডোবক আৰক্ষী চকীৰ বেৰেক জহি খহি গৈ সম্পূৰ্ণ জৰাজীৰ্ণ অৱস্থাত আছে । ইয়াৰ বিপৰীতে ৰঙিয়া সদৰ থানাখনৰ আৱাসিক গৃহসমূহৰো অৱস্থা শোচনীয় । বাৰিষাৰ সময়ত প্ৰতিটো আৱাসিক গৃহতেই একাঁঠুৰ পৰা একঁকাল পৰ্যন্ত পানী জমা হয় ।

এয়া মাত্ৰ উদাহৰণহে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু থানাত আজিকোপতি নাই পৰ্যাপ্ত আৰক্ষী । সেয়েহে ৰাজ্যৰ যিসমূহ থানাত পৰ্যাপ্ত পৰিমাণৰ আৰক্ষী নাই সেই থানা সমূহত পৰ্যাপ্ত আৰক্ষী নিয়োগ কৰিবলৈ গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে ৰঙিয়াৰ সচেতন মহলে ৷
লগতে পঢ়ক: Bhogali Bihu 2023: বিহু বুলি ঘৰখন ধোবাংবাঙকৈ এৰি থৈ ওলাই নাযাব: আৰক্ষী আয়ুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.